Daily Time Axom

মৰিয়নিত দিনজোৰা নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ, আজি কি প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই?

0 16

উপ নিৰ্বাচন হ’লেও সামান্যও সুৰুঙা এৰিব খোজা নাই মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ৷ ৩০ অক্তোবৰত উপ নিৰ্বাচন হ’বলগীয়া আটাইকেইটা সমষ্টিত ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভা হিমন্তবিশ্ব শৰ্মাৰ ৷
সোমবাৰে মৰিয়নি সমষ্টিৰ চেলেংহাটৰ বনগয়া লাইব্ৰেৰী হলত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সভাত মুখ্যমন্ত্ৰীৰ আহ্বান-
আমি সমষ্টিটোৰ সৰ্বাংগীন উন্নয়নৰ দিশত কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । অনুগ্ৰহ কৰি বিজেপি-ইউপিপিএল-অগপ প্ৰাৰ্থী শ্ৰী ৰূপজ্যোতি কুৰ্মীক ভোট দিয়ক।

লগতে ঘোষণা,
আমি বৰ্তমানৰ ১৬ হাজাৰত ৬হাজাৰকৈ আৰু অৰুনোদয়ত হিতাধিকাৰী যোগ কৰিম। মৰিয়নীত ধান সংগ্ৰহ কেন্দ্ৰ স্থাপন কৰা হ’ব।

বুধবাৰীয়া বজাৰলৈ পথ সংযোগ বি/ডব্লিউ চৌদাংচুক উন্নত কৰা হ’ব। ভূঞাখাট আৰু আমগুৰি চহৰক সংযোগ কৰা জাজী নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰা হ’ব ৷

আমি জাজী আৰু টিয়ক নদীৰ পাৰত খহনীয়াৰ মোকাবিলা কৰাৰ বাবে ব্যৱহাৰিক পদক্ষেপ গ্ৰহণ কৰিম।

সমষ্টিটোৰ ৪০ টা চাহ বাগিচাত লাইন পথৰ উন্নতিৰ বাবে, আমাৰ চৰকাৰে প্ৰতি চাহ বাগিচাক ১ কোটি টকা প্ৰদান কৰিব।

চেলেংহাতট জিপি খেলপথাৰত এক ৰাজহুৱা সভাখনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়-
অসম চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৫ মাহৰ ভিতৰত ১৬৭ টকাৰ পৰা ২০৫ টকালৈ বৃদ্ধি কৰিছে আৰু এই দিশত অব্যাহত পদক্ষেপ গ্ৰহণ কৰিব। লগতে কয়,
চাহ বাগিচাৰ পৰিয়ালবোৰক জল জীৱন মিছন, অসম আৰু চৰকাৰে বিদ্যুতৰ মাচুল বহন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়,
বৰ্তমান তিনিখন উচ্চ বিদ্যালয় নিৰ্মাণাধীন হৈ আছে আৰু শীঘ্ৰেই আন সাতখন উচ্চ বিদ্যালয় স্থাপন কৰা হ’ব, যাৰ ফলত চাহ বাগিচাত উচ্চ বিদ্যালয়ৰ মুঠ সংখ্যা দহখনলৈ বৃদ্ধি হ’ব লগতে
মৰিয়নিৰ জীৱনৰেখা ধোদৰ আলিৰ হ’ব পুনৰ নিৰ্মাণ।

Leave A Reply

Your email address will not be published.