Daily Time Axom

সিংহলী গীতেৰে কাশ্মীৰত ভাইৰেল অসমীয়া গায়িকা*

0 26

২০২০ৰ সিংহলীৰ গান ‘মণিকে মাগে হিতে’য়ে ইখনৰ পিছত সিখন দেশ অতিক্ৰম কৰিছিল! আপুনি জানি ভাল পাব যে ইয়োহানিৰ ‘দিলোকা দি চিলভা’ গানটো অসম জীয়ৰী এগৰাকী গায়িকাই কাশ্মীৰী ভাষাত গাই এটা নতুন খলকনি সৃষ্টি কৰিছে । এতিয়া ইনষ্টাগ্ৰামত ভাইৰেল ‘মানিক মাগে হিতে’’ৰ কাশ্মিৰী ভাষাৰ নতুন সংস্কৰণটো ।

ইয়োহানীয়ে এই গানটোৰ জৰিয়তেই বলীউডত অজয় দেৱগনৰ আহিবলগীয়া চিনেমা এখনত গান গাবলৈ সাজু হৈছে। তাইৰ নতুন সংস্কৰণৰ জৰিয়তে এইবাৰ কাশ্মীৰী গায়িকা তথা অসম জীয়ৰীগৰাকীয়ে জনপ্ৰিয়তা অৰ্জন কৰিছে। নাম তেঁওৰ ৰাণী হাজৰিকা ৷ ৰাণীয়ে গানটোৰ ভিডিঅ’ত কাশ্মীৰি কাপোৰ পিন্ধিছিল আৰু কণ্ঠত আছিল কাশ্মীৰি ভাষা। ইয়োহানীৰ আৱেগ, মেলোডিয়া, কাশ্মীৰী বোৱাৰী ৰাণীৰ কন্ঠত সুন্দৰ লাগিছিল। এয়াই গানটোৰ যাদু।
ৰাণীয়ে তাইৰ ৰিমেকৰ নাম ‘মায়ান য়াৰা’ ৰাখিছে। ইনষ্টাগ্ৰামত তেওঁ পোষ্ট কৰি কৈছিল যে হাজাৰ হাজাৰ অনুৰোধৰ পিছত তেঁও কাশ্মীৰীত গানটো নতুনকৈ গাইছিল। মূল সিংহলী গীতটোৰ সকলো বৈশিষ্ট্য ইয়াত ৰাখিছে। ইতিমধ্যে অনুৰাগীসকলৰ পৰা ভাল সঁহাৰি লাভ কৰিছে ৰাণীয়ে। অসম কন্যাগৰাকীয়ে আশা কৰিছে যে ’মায়ান য়াৰা’ই অনাগত দিনবোৰত অধিক প্ৰচাৰ লাভ কৰিব। কোন এই ৰাণী হাজৰিকা? ৰাণী হাজৰিকা গুৱাহাটী তথা অসম জীয়ৰী, সম্প্রতি মুম্বাইত বলিউডত প্ৰতিষ্ঠিত। কাশ্মীৰি তথা বলিউডৰ সংগীত পৰিচালক জান নিছাৰৰ স’তে বিয়া হৈছে। ৰাণীয়ে বৰ্তমান হিন্দী, বাংলা, অসমী, ওড়িয়া, ভোজপুৰী, মৈতালী আৰু কাশ্মীৰীৰ দৰে কেইবাটাও স্থানীয় ভাষাত গান গাই আহিছে ।

Leave A Reply

Your email address will not be published.