ভাৰতীয় ক্ৰিকটাৰ মহহ্মদ ছামীৰ সমৰ্থনত ৰাহুল গান্ধী, ট্ৰলকাৰী ক্ষমাৰ আহ্বান

টি-২০ বিশ্বকাপৰ উদ্বোধনী খেলখনত ভাৰত পাকিস্তানৰ হাতত বেয়াকৈ পৰাজিত হোৱাৰ পিছত চছিয়েল মিডিয়াত মহম্মদ ছামীয়ে বিভিন্ন ট্ৰ’ল আৰু সমালোনাত্মক মন্তব্য পাবলগীয়া হৈছে । সেয়েহে বিভিন্নজন ৰাজনৈতিক নেতা,
ৰাহুল গান্ধী, ওমৰ আব্দুল্লা, আসাদুদ্দিন ওৱাইচি এতিয়া ভাৰতীয় বলাৰৰ কাষত থিয় দিছে আৰু ছ’চিয়েল মিডিয়া ট্ৰ’লৰ দ্বাৰা তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লোৱা লোকসকলক গৰিহণা দিছে।
“মহম্মদ ছামী, আমি সকলো আপোনাৰ সৈতে আছো। এই লোকসকল ঘৃণাৰে ভৰি আছে কাৰণ কোনেও তেওঁলোকক মৰম নিদিয়ে। তেওঁলোকক ক্ষমা কৰক,” ৰাহুল গান্ধীয়ে ক্ৰিকেটাৰজনৰ সমৰ্থনত এনেকৈ টুইট কৰা পৰিলক্ষিত হৈছে।
ছামীৰ বলিঙত পাকিস্তানে ১৫২ ৰাণ লাভ কৰিছিল ৷ মহম্মদ ৰিজৱানে ভাৰতীয় পেচাৰজনৰ বল ডুবাইৰ খেলপথাৰৰ সকলো দিশলৈলৈ কোবাইছিল। পেচমেনজনে ৩.৫ অভাৰত ০/৪৩ ৰ সংখ্যা দিয়াৰ পিছতে শ্বামী যথেষ্ট ট্ৰলিঙৰ সন্মুখীন হৈছিল।
“মহম্মদ ছামীক দেওবাৰৰ খেলখনৰ বাবে ছ’চিয়েল মিডিয়াত লক্ষ্য কৰি লোৱা হৈছিল। যাৰ ফলত মুছলমানসকলৰ বিৰুদ্ধে উগ্ৰবাদ, ঘৃণা প্ৰদৰ্শন কৰিছিল বহুতে ।” ক্ৰিকেটত, জিকা বা হৰা থাকেই । দলটোত ১১ জন খেলুৱৈ আছে কিন্তু কেৱল এজন মুছলমান খেলুৱৈক লক্ষ্য কৰাটো নিন্দনীয় । বিজেপি দল আৰু চৰকাৰে ইয়াক গৰিহণা দিব নেকি?” সংবাদ সংস্থা এএনআইৰ দ্বাৰা অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম)ৰ মুৰব্বী আসাদুদ্দিন ওৱাইচিয়ে এতিয়া আঙুলি তুলিছে বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰলৈ ৷

Comments (0)
Add Comment