ৰাজ্য চৰকাৰৰ কোভিডৰ নতুন নিৰ্দেশনা
ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে মঙলবাৰে নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যত নিশা ১০ বজাৰ পৰিৱৰ্তে ১১ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰফিউ থাকিব বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশটোত কোৱা হৈছে। তদুপৰি বাণিজ্যিক প্ৰতিষ্ঠানসমূহ নিশা ১০ বজালৈকে খোলা ৰাখিব পাৰিব। লগতে উল্লেখ কৰা হৈছে যে ৰেষ্টুৰেণ্ট আৰু ভোজনালয়ত নিশা ১০ বজালৈকে ৫০% মানুহে কাম কৰিব পাৰিব । সভাঘৰ আদিত ৫০% লোক সমৱেত হ’ব পাৰিব ৷ ক’ভিড ভেকছিনৰ কমেও এটা পালি গ্ৰহণ কৰা সকলো চৰকাৰী কৰ্মচাৰীয়েই কাৰ্যালয়ত উপস্থিত থাকিব পাৰিব। আনহাতে, অত্যাৱশ্যকীয়/ জৰুৰীকালীন সেৱা, আইন প্ৰৱৰ্তন সেৱা আৰু নিৰ্বাচনৰ কাম প্ৰদান কৰা চৰকাৰী আৰু ব্যক্তিগত সংগঠনবোৰে সকলো জিলাতে কোনো প্ৰতিবন্ধকতা অবিহনে কৰ্তব্য পালন কৰিব পাৰিব বুলি উল্লেখ কৰা হৈছে নতুন এছ অ’ পিত ৷