Daily Time Axom

চীনত পুনৰ লকভাউন, ক’ৰোণাৰ আতংক , ৰাছিয়া-ইউৰোপীয় দেশলৈ পুনৰ সংকটৰ সংকেত

0 12

বিশ্বৰ বিভিন্ন দেশত পুনৰ আৰম্ভ হৈছে ক’ৰোনাৰ সংক্ৰমণ ৷
লোকলৈ বুলি ক’ৰোনাৰ হুল পুতি নিজেই এতিয়া হুল ফুটি মৰিব লগা হৈছে চীন ৷ চীনত পুনৰ গুৰুতৰ ৰূপ লৈছে ক’ৰোনাৰ আতংকই । পৰিস্থিতি যাতে পুনৰ সীমাৰ বাহিৰলৈ নাযায় সেয়া নিশ্চিত কৰিবলৈ ইতিমধ্যে সতৰ্ক হৈছে চীন প্ৰশাসন । বহুতো বিমান বাতিল কৰা হৈছে দেশখনত । বন্ধ কৰি দিয়া হৈছে বিদ্যালয় ৷ একে সময়তে, কেইবাখনো প্ৰদেশত পুনৰ লকডাউন আৰম্ভ হৈছে। চীনৰ আভ্যন্তৰীণ মঙ্গোলিয়াৰ এজিনত লকডাউন জাৰি কৰা হৈছে। সোমবাৰৰ পৰা অঞ্চলটোৰ ৩৫,৭০০ বাসিন্দাক তেওঁলোকৰ ঘৰ এৰি বাহিৰ ওলোৱাত বাধা দিয়া হৈছে। স্থানীয় সংবাদ মাধ্যমৰ মতে, অঞ্চলটো বৰ্তমান সংক্ৰমণৰ হট স্পট। যোৱা সপ্তাহত, অঞ্চলটোত কৰোনাৰ দ্বাৰা 150 জন লোক আক্ৰান্ত হৈছিল। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ এক সতৰ্কবাণীত কোৱা হৈছে যে যদি এইটো অব্যাহত থাকে তেন্তে কেইদিনমানৰ ভিতৰত পৰিস্থিতি অধিক অৱনতি হ’ব।। ইতিমধ্যে চীনৰ ১১ খন প্ৰদেশলৈ কৰোনা বিয়পি পৰিছে। ৰাজধানী বেইজিংলৈও যে ক’ৰোনা বিয়পি নপৰিব সেয়া সময়েহে ক’ব। প্ৰশাসন চীনৰ লানজাও প্ৰদেশকলৈ বিশেষভাৱে চিন্তিত হৈ পৰিছে। স্থানীয় প্ৰশাসনে অসামৰিক লোকসকলক জৰুৰী প্ৰয়োজন নোহোৱাকৈ ঘৰ এৰি নাযাবলৈ পৰামৰ্শ দিয়ে। কৰোনা পৰীক্ষাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। ঘৰৰ বাহিৰলৈ যোৱাৰ লগে লগে ক’ৰোনা নেগেটিভ প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰিব লাগিব। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চিয়ান আৰু লানজাও প্ৰদেশত বহুতো বিমান বাতিল কৰা হৈছে। চীনৰ চৰকাৰ নিয়ন্ত্ৰিত সংবাদ মাধ্যমৰ মতে, প্ৰায় ৬০ শতাংশ বিমান সেৱা অস্থায়ীভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। এইবাৰৰ ক’ৰোনা সংক্ৰমণৰ ঘটনাটো পৰ্যটকৰ মাজৰ পৰা সমগ্ৰ চীনলৈ বিয়পি পৰিছে। প্ৰশাসনে এনে ধৰণৰ মুঠ ১৩ টা পৰ্যটন স্থলী চিনাক্ত কৰিছে। স্থানীয় সংক্ৰমণৰ ফলত সংক্ৰমিত হোৱা ১০০ জন ৰোগী পোৱা গৈছে। চীনা ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ মুখপাত্ৰ ফেঙে কয়, “ক’ৰোনা সংক্ৰমণে অধিক ভয় খুৱায়। ‘ সেইকাৰণে সকলো পৰ্যটন সংস্থাক ৰাজ্যখনৰ বিভিন্ন স্থান ভ্ৰমণৰ পৰিকল্পনা বাতিল কৰিবলৈ কোৱা হৈছে। পৰ্যটকসকল যাতে পৰ্যটকথলীলৈও নাহে তাৰ বাবে নিৰ্দেশনা জাৰী কৰিবলৈও কোৱা হৈছে।
 ইফালে, ক’ৰোনা সংক্ৰমণৰ ফলত ৰাছিয়া পুনৰহবিধ্বস্ত হৈছে। কৰোনা সংক্ৰমণ দেওবাৰে প্ৰায় ৩৭০০০ ত উপনীত হৈছিল, সোমবাৰে দৈনিক ৩৫৬৩০জন সংক্ৰমণলৈ সামান্য হ্ৰাস পাইছিল। দৈনিক মৃত্যুৰ সংখ্যা ১,০৭২ চুইছেগৈ ৰাছিয়াত। ৰাজধানী মস্কোত পৰিস্থিতি অধিক অৱনতি ঘটিছে ৷ মস্কোত দৈনিক সংক্ৰমণৰ সংখ্যা হৈছে ৫২৯৭ জন। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, অহা সপ্তাহৰ পৰা ৰাছিয়াৰ বিভিন্ন স্থানত লকডাউন হ’ব পাৰে। ছেইণ্ট পিটাৰ্ছবাৰ্গত ইতিমধ্যে লকডাউন ঘোষণা কৰা হৈছে। লকডাউন ৩০ অক্টোবৰৰ পৰা ৭ নৱেম্বৰলৈ অব্যাহত থাকিব।
ইউক্ৰেইন আৰু ৰোমানিয়া, আন দুখন পূৱ ইউৰোপীয় দেশতো সংক্ৰমণ বৃদ্ধি পাইছে। ইউক্ৰেইনত দৈনিক মৃত্যুৰ সংখ্যা আছিল ৩৮৬। আনহাতে, ৰোমানিয়াত মৃত্যুৰ সংখ্যা ৩৮১ জন। সমগ্ৰ ইউৰোপত সংক্ৰমণৰ ক্ষেত্ৰত এই তিনিখন দেশ সৰ্বোচ্চ স্থানত আছে। প্ৰশাসনে ব্ৰিটেইনত ক’ৰোনা সংক্ৰমণৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰিছে। অৱশ্যে, তাত মৃত্যুৰ সংখ্যা সংক্ৰমণতকৈ কম। দেওবাৰৰ পৰিসংখ্যাই দেখুৱাইছে যে দৈনিক সংক্ৰমণ হৈছে ৩৯৯৬৩ জন। দৈনিক মৃত্যুৰ সংখ্যা হৈছে ৭২। ব্ৰিটেইনত মুঠ ৮৩৩৮জন ক’ভিড আক্ৰান্ত চিকিৎসালয়ত ভৰ্তি হৈছে।

Leave A Reply

Your email address will not be published.