উপ নিৰ্বাচনৰ বাবে ৩০ অক্টোবৰত বেতনসহ বন্ধ ঘোষণা
অসম চৰকাৰে অহা ৩০ অক্টোবৰত অসমত উপনিৰ্বাচন উপলক্ষে ৫টা বিধানসভা সমষ্টিত বেতনসহ বন্ধ হিচাপে ঘোষণা কৰিছে।
ইতিমধ্যে অসম চৰকাৰে সকলো পক্ষলৈ বন্ধৰ সন্দৰ্ভত এখন জাননী জাৰি কৰিছে । চাহ বাগানসহ, দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠান, ঠিকাদাৰ প্ৰতিষ্ঠান আৰু এনে অন্যান্য উদ্যোগ/কৰ্মশালা, আৰু বেঙ্কিং প্ৰতিষ্ঠান আদি সকলোকে সামৰি ল’ব এই বন্ধই ।
২৮ নং- গোসাইগাঁও সমষ্টি, ৪১ – ভবানীপুৰ, ৫৮ – তামুলপুৰ, ১০১ – মৰিয়নি আৰু ১০৭ – থাউৰা বিধানসভা সমষ্টি-এই ৫টা
সমষ্টিৰ উপ-নিৰ্বাচন ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব। সমষ্টি কেইটাৰ পৰিসীমাৰ ভিতৰত পৰা সকলো প্ৰতিষ্ঠানৰ ক্ষেত্ৰতে এই বন্ধ প্ৰযোজ্য হ’ব ৷
মনকৰিবলগীয়া যে, যিহেতু অসমত বিধান সভাত মুঠ ১২৬ টা সমষ্টি আছে, যদি বিজেপিয়ে এই উপ-নিৰ্বাচনৰ পিছত অকলে ৬৪ টা যাদুকৰী সংখ্যা অতিক্ৰম কৰে তেন্তে ই সদনৰ একক সংখ্য গৰিষ্ঠতা থকা ৰাজনৈতিক দল হৈ পৰিব ৷ তেতিয়া ইচ্ছা কৰিলে বা প্ৰয়োজন সাপেক্ষে ইউপিপিএল আৰু অসম গণ পৰিষদৰ সৈতে মিত্ৰতাৰ পৰা নিজকে মুক্ত কৰিবলৈও সক্ষম হ’ব। বিৰোধী মিত্ৰজোঁটৰ এজেপিৰ বাবে খালী হৈ থকা খালী মাজুলী আসনৰ উপ-নিৰ্বাচন এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই ৷ কিয়নো ইয়াৰ প্ৰতিনিধি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ কেইঘণ্টামান পিছতহে বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছিল । ভোটগণনা আৰু ফলাফল ২ নৱেম্বৰত অনুষ্ঠিত হ’ব আৰু সম্পূৰ্ণ নিৰ্বাচন প্ৰক্ৰিয়া ৫ নৱেম্বৰৰ ভিতৰত সমাপ্ত হ’ব।