Daily Time Axom

থাউৰাত ২০ ৰপৰা ২৫ হাজাৰ ভোটৰ ব্যৱধানত জিকিব বিজেপি ৷ টকাৰ মাযাজালত বন্দী অখিল গগৈ ৷ প্ৰচাৰ সামৰি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য

0 21

সামৰণি পৰিল উপ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীৰ ৷ নিৰ্বাচনী বাকযুদ্ধত সৰৱ মন্ত্ৰী পীয়ুষ হাজৰিকা ৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ টকাৰ মায়াজালেৰে পৰিবেষ্টিত হৈ আছে বুলি বুধবাৰে আক্ৰমণাত্মক হ’ল মন্ত্ৰী পীযুষ হাজৰিকা ৷ উপ নিৰ্বাচনত বিজেপিয়ে থাউৰাত ৫০ কোটি টকা খৰছ কৰা বুলি অখিল গগৈয়ে কৰা অভিযোগৰ থাউৰাত প্ৰচাৰত ভাগ লৈ প্ৰত্যুত্তৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ থাউৰাৰ ভোট কোনো পণ্য নহয়; থাউৰাৰ ৰাইজে অখিল গগৈৰ অপমানজনক মন্তব্যৰ প্ৰতিবাদ কৰিব লাগে বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷
লগতে কংগ্ৰেছৰ নেতা বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াকো সমালোচনা মন্ত্ৰীজনৰ ৷ অখিল গগৈৰ লগত সনা পোতোকা আছে দেৱব্ৰত শইকীয়াৰ ৷ সেয়ে থাউৰাত কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী দিছে বুলি নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনা মন্তব্য মন্ত্ৰী হাজৰিকাৰ ৷ অখিল গগৈয়ে নিজে পৰাজয় হোৱাৰ কথা জানে বুলি কৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ১ লাখ ১৫ হাজাৰ মানুহৰ সমষ্টিটোত অখিল বাহিনীয়ে মাথো ৩০০ মানুহ লৈ সমদল উলিয়াইছে, য’ত আধাতকৈ বেছি মানুহ ধুবৰী অথবা বৰপেটাৰ পৰা আহিছে | লগতে এইবাৰ থাউৰাত ২০ ৰপৰা ২৫ হাজাৰ ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী জিকিব বুলিও দাবী মন্ত্ৰীজনৰ | আনহাতে জাতীয়তাবাদৰ কথা কোৱা লুৰীণজ্যোতি গগৈয়ে এতিয়া ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ বুকুচাত উঠা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে তেওঁলোকৰ ভৱিষ্যত ৰাইজে নিজেই দেখা পাব | নিৰ্বাচনী অংকৰ হিচাপ নিকাচ কৰি কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া নিজে নিৰ্বাচনী প্ৰচাৰলৈ নাহি মুখ্যমন্ত্ৰী প্ৰচাৰত যাব নালাগে বুলি দাবী জনাই আছে বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই |

Leave A Reply

Your email address will not be published.