পত্নীক বিক্ৰী স্মাৰ্টফোন কিনিলে স্বামীয়ে

শুনি হয়তো আচৰিত হ’ব, এজন নাবালক স্বামীৰ বিৰুদ্ধে বিবাহৰ এমাহ পিছতে তেওঁৰ পত্নীক বিক্ৰী কৰাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে । পৰিয়ালে কৰা অভিযোগৰ পিছতে আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰিছে। আনহাতে অভিযুক্ত নাবালকজনকো গ্ৰেপ্তাৰ কৰি কিশোৰ আদালতলৈ প্ৰেৰণ কৰিছে। ঘটনাটো উৰিষ্যাৰ ৷
আৰক্ষীৰ তথ্য মতে, ১৭ বছৰীয়া যুৱকজনৰ ঘৰ উৰিষ্যাৰ বালাংগীৰ জিলাত। জুলাই মাহত এগৰাকী ২৬ বছৰীয়া ছোৱালীৰ সৈতে ল’ৰাজন বিবাহপাশত আৱদ্ধ হৈছিল। সামাজিক অনুষ্ঠানৰ জৰিয়তেই বিবাহ সম্পন্ন হৈছিল। পাছত নাবালকজনে তেওঁৰ পত্নীক লৈ আগষ্টত ৰাজস্থানত কাম কৰিবলৈ লৈ গৈছিল। তেওঁ তাত এটা ইটাৰ ভাটাত কাম কৰিছিল । অভিযোগ অনুসৰি তেওঁ তালৈ যোৱাৰ কেইদিনমান পিছতেই নিজ পত্নীক এজন ৫৫ বছৰীয়া ব্যক্তিক বিক্ৰী কৰিছিল।
আৰক্ষীয়ে জনায় যে, নাবালকজনে তেওঁৰ পত্নীক ১.৮০ লাখ টকাত বিক্ৰী কৰি সেই টকাৰে এখন ডাঙৰ ৰেষ্টুৰেণ্টত ভাল খাদ্য খোৱাৰ পিছত এটা স্মাৰ্টফোন কিনিছিল।
তেওঁ অলপতে ৰাজস্থানৰ পৰা উৰিষ্যালৈ উভতি আহি পৰিয়ালক কৈছিল যে তেওঁৰ পত্নীয়ে তেওঁক এৰি আন কাৰোবাৰ সৈতে পলাই গ’ল ৰাজস্থানত । কিন্তু , যুৱতীগৰাকীৰ পৰিয়ালে বিশ্বাস কৰিব পৰা নাছিল কথাটো সেয়ে তেওঁলোকে আৰক্ষীত অভিযোগ দাখিল কৰিছিল। আৰক্ষীয়ে
অনুসন্ধান কৰাৰ পিছত বালাংগীৰৰ এটা আৰক্ষী দল ৰাজস্থানত উপস্থিত হৈছিল। পাছত তাৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰে ।
ঘটনাসন্দৰ্ভত বেলাপাৰা আৰক্ষী থানাৰ এজন বিষয়াই কয়, “নাবালকজনে জেৰাৰ সময়ত তেওঁৰ পত্নীক বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰিছিল। স্থানীয় লোকে মহিলাগৰাকীক অনাত বাধা দিছিল। অতি কষ্টেৰে আমি মহিলাগৰাকীক ঘূৰাই আনিবলৈ সক্ষম হৈছিলো। ‘
সম্প্রতি ল’ৰাজন আৰক্ষীৰ জিম্মাত ।

Comments (0)
Add Comment