শত্ৰুৰ হাতত দেশৰ চাবমেৰিনৰ তথ্য ! CBIৰ জালত দেশদ্ৰোহী নেভী কামাণ্ডাৰসহ ৫জন

চিবিআইৰ জালত পৰিছে নৌ সেনাৰ তথ্য শত্ৰুক যোগান ধৰা কেইবাটাও দেশদ্ৰোহী ৷ চি বি আয়ে নৌসেনাৰ চাবমেৰিন আধুনিকীকৰণ প্ৰকল্পৰ গুৰুত্বপূৰ্ণ তথ্য চোৰাং সৰবৰাহকাৰী ৰেকেট বিচাৰি উলিয়াবলৈ সক্ষম হৈছে । ইতিমধ্যে এজন নৌসেনা কৰ্মী আৰু দুজন প্ৰাক্তন বিষয়াক ৰেকেটটোত জড়িত থকা বাবে গ্ৰেপ্তাৰ কৰা হৈছে।
চিবিআইৰ সূত্ৰৰ মতে গ্ৰেপ্তাৰ কৰা সকল নৌসেনাৰ ৰাছিয়ান চাবমেৰিন আধুনিকীকৰণ প্ৰকল্পৰ “সংবেদনশীল” নথি পত্ৰৰ চোৰাং ব্যৱসায়ত জড়িত। গ্ৰেপ্তাৰ কৰা নৌ সেনা এজন কমাণ্ডাৰ পৰ্যায়ৰ বিষয়া । তেওঁক মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । আন দুজন প্ৰাক্তন নৌ সেনা বিষয়াৰ ভিতৰত আছে এজন অৱসৰপ্ৰাপ্ত ।
তথ্যৰ চোৰাং ব্যৱসায়ৰ ঘটনাৰ তদন্তৰ বাবে নৌসেনাৰ দ্বাৰা ইতিমধ্যে এখন সমিতি গঠন কৰা হৈছে। সমিতিখনৰ নেতৃত্বত আছে এজন অৱসৰপ্ৰাপ্ত এডমিৰেল পৰ্যায়ৰ বিষয়া ।
প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, চাবমেৰিনৰ কাৰ্যকৰীতা শত্ৰুৰ মনোযোগ এৰাই চলিব পৰা সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া এইটো জনা যায় যে চাবমেৰিনে পানীৰ তলত কম্পনাঙ্কৰ শব্দ কৰি আছে, যি তৰংগদৈৰ্ঘ্যত তথ্য বিনিময় কৰা হৈছে, শত্ৰুৱে চাবমেৰিনখন চিনাক্ত আৰু ধ্বংস কৰাৰ সুযোগ পায়।
অৱশ্যে, ৰাছিয়াৰ পৰা ক্ৰয় কৰা ভাৰতীয় নৌসেনাৰ চাবমেৰিনৰ কি তথ্য সৰবৰাহ হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। দৰাচলতে, কেইবছৰমান আগতে ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ছয়খন স্কৰপিন চাবমেৰিনৰ বিষয়ে নৌসেনাৰ যুদ্ধ কক্ষৰ পৰা “সংবেদনশীল তথ্য” চোৰাংকৈ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

Comments (0)
Add Comment