Daily Time Axom

কেয়াৰটেকাৰ আকাশ চৌধুৰীয়েই হত্যা কৰিছিল বেলতলাৰ অকলশৰীয়া বৃদ্ধ দম্পত্তিক

0 6

স্পষ্ট হৈছে বেলতলা হত্যাকাণ্ডৰ হত্যাকাৰী ৷ কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে সংঘটিত কৰিছিল ননীগোপাল বৰা, মীনা বৰাৰ হত্যাকাণ্ড ৷ গুৱাহাটী আৰক্ষী আয়ুক্তই সদৰি কৰিলে এই তথ্য ৷ বুধবাৰে মহানগৰীৰ বেলতলাত বৃদ্ধ দম্পতিৰ শোৱাপাটীতে হত্যাকাণ্ড সংঘটিত হৈছিল সেই সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে নতুন তথ্য। আৰক্ষীয়ে চি চি টিভিত দেখা পাইছিল দুই যুৱকক। যুৱক প্ৰকৃততে কোন সেয়া এতিয়াও আৰক্ষীয়ে নিশ্চিত কৰিব পৰা নাই যদিও আৰক্ষীয়ে নিশ্চিত কৰিছে এই হত্যাকাণ্ধ সংঘটিত কৰিছে কেয়াৰ টেকাৰ আকাশ চৌধুৰীয়েই ৷ যুৱক দুজন বৃদ্ধ দম্পতি ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ মৃত্যুৰ পূৰ্বে ঘৰত সোমাইছিল বুলি জনা গৈছে।
তথ্য মতে দুই যুৱকে ৫ মিনিটৰ ভিতৰত দুবাৰকৈ ঘৰটোত প্ৰৱেশ কৰিছিল আৰু পিছৰবাৰ ঘৰটোত প্ৰবেশ কৰাৰ সময়ত হাতত লাঠী আছিল দুয়োৰে। মাস্ক পৰিধান কৰাৰ বাবে যুৱক দুজনৰ প্ৰকৃত পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
দম্পতিহালৰ সৈতে ২৪ বছৰ সহায়কাৰী ৰূপে থকা আকাশ চৌধুৰীক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।আকাশৰ উপৰিও পাথৰকুঁৱৰীৰ সত্যেন্দ্ৰ সিং আৰু পৰেশ চৌধুৰী নামৰ ব্যক্তি দুজনকো আটক কৰিছে আৰক্ষীয়ে। তদুপৰি আকাশ চৌধুৰীৰ পত্নীৰো মোবাইল ফোন পৰীক্ষা কৰি আৰক্ষীয়ে এখন তালিকা প্ৰস্তুত কৰিছে। ঘটনা স’তে জড়িত থকাৰ সন্দেহত জোন শইকীয়া আৰু বাবুল নামৰ আনদুগৰাকী ব্যক্তিকো আৰক্ষীয়ে আটক কৰিছে। আকাশকে ধৰি মুঠ ৫জনক এতিয়ালৈ এই প্ৰসংগত গ্ৰেপ্তাৰ কৰা হৈছে ৷ মৃত দম্পতি ননী গোপাল বৰুৱা অৱসৰ প্ৰাপ্ত কেন্দ্ৰীয় জল পৰিবহন বিভাগৰ অভিযন্তা বিপৰীতে মীনা বৰুৱা অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী আছিল । মৃত দম্পতিহালৰ সন্তান ক্ৰমে বাংগালোৰ আৰু আমেৰিকাত কৰ্মসূত্ৰে আছিল বাবে দুয়ো এনেদৰে অকলশৰে দীৰ্ঘদিন বাস কৰি আহিছিল ৷ তেঁওলোকৰ পৰিচৰ্যাৰ বাবে নিজৰ চৌহদতে ঘৰুৱাভাৱে ৰাখিছিল পিষণ্ড জকাশক ৷ সম্পত্তিৰ লোভৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছিল ৷ কিয়নো দুয়োজনৰ হীৰাৰ আঙুঠিকে ধৰি আন মূল্যৱান সামগ্ৰী অক্ষত অৱস্থাত পোৱা গৈছিল ৷ সেয়ে প্ৰথমেই সন্দেহৰ আঙুলি গৈছিল কেয়াৰটেকাৰ আকাশলৈ ৷

Leave A Reply

Your email address will not be published.