Daily Time Axom

চীন সীমান্তত ভাৰতৰ দুৰ্দান্ত ক্ষেপনাস্ত্ৰ ‘পিনাকা’ৰ পহৰা

0 9

চীন সীমান্তত নিজৰ শক্তি বৃদ্ধি কৰিছে ভাৰতে ৷ ভাৰত-চীনৰ সীমান্তলৈ ভাৰতীয় সেনাই অত্যাধুনিক মাল্টি-বেৰেল ৰকেট লাঞ্চাৰ পিনাকা প্ৰেৰণ কৰিছে। শত্ৰুৰ কামান বা মিছাইলৰ অৱস্থান চিনাক্ত কৰাৰ লগতে ধ্বংস কৰাটোৱে হ’ল পিনাকাৰ কাম।
এইবিধ বিশেষ ৰকেট লাঞ্চাৰ ১৯৯৬ চনত কাৰ্গিল যুদ্ধত ব্যৱহাৰ কৰা হৈছিল । সেই ভাৰত-পাকিস্তান যুদ্ধত ভাৰতক বিজয় প্ৰদান কৰাত পিনাকাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এতিয়া পিনাকাই অধিক শক্তিশালী ৰূপত চীন সীমান্তৰ তত্বাৱধান কৰি আছে।
এতিয়া প্ৰশ্ন হয়, এই পিনাকা ৰকেট লাঞ্চাৰবিধ আচলতে কি? ইয়াৰ ইমান কি শক্তিনো আছে? নিমিষতে শত্ৰুক চূৰ্ণ-বিচূৰ্ণ কৰাটো কিমান পিনাকাৰ বাবে কিমান কাৰ্যকৰী? জানো আহক,
ভাৰতত নিৰ্মিত একাধিক ৰকেট লঞ্চাৰৰ নামেই হ’ল পিনাকা। ডি.আৰ.ডি.ও.-য়ে ইয়াক প্ৰস্তুত কৰিছে। পিনাকাই মাত্ৰ ৪৪ ছেকেণ্ডত একেলগে ৭২ টা মিছাইল নিক্ষেপ কৰিবলৈ সক্ষম।
ইয়াক এখন ট্ৰাকত ৰখা হয় যাতে এঠাইৰ পৰা আন ঠাইলৈ সহজে স্থানান্তৰ কৰিব পৰা যায় । সম্প্রতি
ডি আৰ ডি অ’য়ে ইয়াৰ এটা অধিক উন্নত সংস্কৰণ ভাৰতীয় সেনাক হস্তান্তৰ কৰিছে।
এই ৰকেট লাঞ্চাৰটোৰ নিৰ্মাণ ১৯৮৬ চনৰ ডিচেম্বৰত আৰম্ভ হৈছিল। বাজেট আছিল ২৬.৫ কোটি টকা।
এইটো ১৯৯২ চনৰ ডিচেম্বৰত সম্পূৰ্ণ হৈছিল। ই ৰিম’ট কণ্ট্ৰ’লৰ জৰিয়তে স্বয়ংক্ৰিয়ভাৱে কাম কৰিবলৈ সক্ষম। ডি আৰ ডি অ’য়ে ২০১৯ চনত ইয়াৰ অন্তিম সংস্কৰণ আনিছিল। যাৰ লক্ষ্যভেদী দৃৰত্ব আছিল ৯০ কিলোমিটাৰ।
ডি আৰ ডি অ’য়ে ইতিমধ্যে ইয়াৰ অধিক উন্নত সংস্কৰণ আনিবলৈ কাম কৰা আৰম্ভ কৰিছে। ডিআৰডিঅ’য়ে ইয়াক বিকশিত কৰিবলৈ ইজৰাইল সামৰিক উদ্যোগৰ সৈতে যুটীয়াভাৱে কাম কৰি আছে বুলি তথ্ত প্ৰকিশ।

Leave A Reply

Your email address will not be published.