Daily Time Axom

তিনিখনকৈ নিৰ্বাচন সভাত প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ

0 7

নিৰ্বচনী প্ৰচাৰত পিছ পৰি থকা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বুধবাৰে উপ-নিৰ্বাচনৰ প্ৰচাৰৰ শেষৰ দিনটোত তামুলপুৰ, গােসাঁইগাঁও আৰু ভৱানীপুৰ সমষ্টিত মাৰাথান প্ৰচাৰ কেন্দ্রীয় কেবিনেট মন্ত্রী সৰ্বানন্দ সােণােৱালৰ ৷
কংগ্ৰেছে শাসনকালত কেৱল লুণ্ঠন, দুর্নীতি আৰু ভ্ৰষ্টাচাৰহে কৰিছিল বুলি মন্তব্য সােণােৱাল ৷
সােণােৱালে তামুলপুৰ, গােসাঁইগাঁও আৰু ভৱানীপুৰ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্রার্থী ক্রমে জলেন দৈমাৰী, জিৰন বসুমতাৰী আৰু ফণীধৰ তালুকদাৰৰ সমৰ্থনত মুঠ তিনিখন প্ৰচাৰ সভাত অংশগ্রহণ কৰে। তামুলপুৰৰ গান্ধীবাৰীৰ জনসভাত সম্বােধন কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে- তামুলপুৰ সমষ্টিৰ সৰ্বাংগীণ উন্নয়নৰ জয়যাত্রা অক্ষুন্ন ৰাখিবলৈ হ’লে বিজেপি মিত্ৰজোঁটক ভােট দিয়াৰ বাহিৰে অন্য গত্যন্তৰ নাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে সোণৱাল ৷ যোৱা পাঁচ মাহত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিভিন্ন ক্ষেত্ৰত যি বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিছে, তাৰে অংশস্বৰূপে তামুলপুৰ সমষ্টিয়েও প্রগতিৰ দিশত আগুৱাই যােৱাৰ নতুন সুযােগ লাভ কৰিছে বুলি দাবী সৰ্বানন্দ সোণোৱালৰ ৷
গােসাঁইগাঁও সমষ্টিৰ ভােমােৰাগুৰিতো জিৰন বসুমতাৰীৰ হৈ নির্বাচনী প্রচাৰ চলায় সােণােৱালে ৷ ইয়াৰ পিছতে ভৱানীপুৰত দিনটোৰ অন্তিমখন নির্বাচনী সভাত সম্বােধন কৰে সােণােৱালে ৷ এই প্ৰচাৰ সভাসমূহত কেন্দ্রীয় মন্ত্রীগৰাকীৰ লগত অংশগ্ৰহণ কৰে কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী ক্ৰমে ৰণজিৎ কুমাৰ দাস, ইউ জি ব্ৰহ্ম আৰু অশােক সিংঘল, বিটিচিৰ মুৰব্বী তথা ইউ পি পি এলৰ সভাপতি প্রমােদ বড়াে, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নােমল মমিন, বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা, বিধায়কসকল- দিগন্ত কলিতা, জিতু গােস্বামী, জয়ন্ত বসুমতাৰী, লৰেঞ্চ ইছলাৰী, হেমাংগ ঠাকুৰীয়া, ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি শান্তিয়াজ কুজুৰ আদিয়ে ৷

Leave A Reply

Your email address will not be published.