প্ৰেমৰ বাবেই ৰাজমৰ্যাদা, বিভূতি এৰিলে জাপানৰ ৰাজকুমাৰীয়ে, বিয়া কৰালে প্ৰেমিকক
জাপানৰ ৰাজকুমাৰী মাকো এতিয়া বিশ্বজুৰি চৰ্চাৰ শীৰ্ষত। প্ৰিয়জনৰ সৈতে বিবাহত বহিবৰ বাবেই জাপানৰ এইগৰাকী ৰাজকুমাকীয়ে বিসৰ্জন দিছে ৰাজকন্যাৰ সন্মান আৰু বিপু সম্পত্তি ৷ জাপানত আজিও ৰাজপৰিয়ালৰ পৰম্পৰা অব্যাহত আছে। যদি ৰাজ পৰিয়ালৰ লোকে এজন সাধাৰণ পুৰুষ বা নাৰীক বিয়া পাতে তেন্তে তেঁও ৰাজকীয় মৰ্যাদা ত্যাগ কৰিব লাগে ৷ ৰাজকুমাৰী মাকোৱে সেয়ে সকলো বাধা ভাঙি সপোনৰ ৰাজকুমাৰৰ ওচৰলৈ গুছি গ’ল। জাপানৰ ৬১ বছৰীয়া সম্ৰাট নাৰুহিতোৰ ভতিজী ৰাজকুমাৰী মাকোৱে প্ৰেমিক কেই কোমুৰোৰ স’তে বিয়া হোৱা কাৰণে তেওঁ ১.২৩ নিযুত ডলাৰৰ সম্পত্তি এৰিব লগা হ’ল।
ৰাজকুমাৰী মাকোৱে টকিঅ’ আন্তঃৰাষ্ট্ৰীয় খ্ৰীষ্টান বিশ্ববিদ্যালয়ত কোমুৰোৰ সৈতে অধ্যয়ন কৰিছিল বুলি জনা গৈছে। তাতেই প্ৰেম, দুয়োজনৰ ভালপোৱা । ২০১৭ চনতে তেওঁলোকে বিয়াত বহিব বিচাৰিছিল কিন্তু সেয়া সম্ভৱ নাছিল। কোমুৰো উচ্চ শিক্ষাৰ বাবে ২০১৮ চনত নিউয়ৰ্কলৈ গুচি গৈছিল। তেওঁ যোৱা বছৰ ছেপ্টেম্বৰত ঘৰলৈ উভতি আহিছিল। তেওঁলোকৰ প্ৰেমকাহিনী জাপানত বহুচৰ্চিত বিষয় আছিল । দীঘলীয়া সম্পৰ্কৰ শুভ পৰিণামৰ বাবে সাধাৰণ মানুহ সুখী। তেওঁলোকৰ প্ৰেম এক স্বৰ্গীয় কাহিনীৰ দৰে বুলি বহুতে কয়।
ইফালে, যদি ৰাজপৰিয়ালৰ এজনী ছোৱালীয়ে এজন সাধাৰণ ব্যক্তিক বিয়া কৰায়, তেন্তে তেওঁ ৰাজপৰিয়ালৰ উপাধি আৰু মৰ্যাদা ত্যাগ কৰি বৃহৎ পৰিমাণৰ ধন লাভ কৰে। পৰিমাণ ১.২৩ নিযুত ডলাৰ । অৱশ্যে, মাকোৱে টকাখিনি ল’বলৈ অস্বীকাৰ কৰিছিল। বহুতে দাবী কৰিছে যে দৰা কোমুৰো ৰাজকুমাৰী মাকোৰ যোগ্য নাছিল। অৱশ্যে, তেওঁ সমালোচকসকলৰ প্ৰতি কোনো মনোযোগ নিদিয়াকৈ সপোনৰ কোঁৱৰজনক বিয়া কৰাইছে ।
২৬ অক্টোবৰৰ ৰাতিপুৱা, মাকোক প্ৰাসাদৰ সন্মুখত নীলা পোছাক পিন্ধা দেখা গৈছিল। বিয়াৰ পিছত তাাজকুমাৰী মাকোক তেঁওৰ মাক-দেউতাক আৰু ভনীয়েকৰ সৈতেও দেখা গৈছিল। ৰাজকুমাৰীগৰাকীয়ে এক সংবাদমেলত উপস্থিত থাকি তেওঁ ৰাজকীয় মৰ্যাদা এৰাৰ কৰাৰ কথা ঘোষণা কৰে । কিন্তু সংবাদমেলত তেওঁ সাংবাদিকৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাছিল। দম্পতীহালে বিবাহৰ পিছত আমেৰিকাত থাকিব। কোমুৰোৱে তাত উকীল হিচাপে কাম কৰিব।
স্মৰ্তব্য যে মাকোৱে বিয়াৰ মাত্ৰ দুদিন আগতে তেওঁৰ ৩০ তম জন্মদিন উদযাপন কৰিছিল।