অৰ্থনৈতিকভাৱে বিধ্বস্ত পাকিস্তানলৈ চৌদি আৰৱৰ বিত্তীয় অনুদান

চৌদি আৰৱে পাকিস্তান চৰকাৰক ৪২ বিলিয়ন ডলাৰ (প্ৰায় ৩১,৫০৯ কোটি টকা) অনুদান প্ৰদান কৰিব। চৌদি ৰাজকুমাৰ মহম্মদ বিন ছলমানে পাক প্ৰধানমন্ত্ৰী ইমৰান খানক এই প্ৰস্তাৱ দিছিল। পাক প্ৰধানমন্ত্ৰী ইমৰানে বুধবাৰে চৌদিৰ ৰাজধানী ৰিয়াদত ছলমানৰ সৈতে তিনিদিনীয়া পশ্চিম এছিয়া ভ্ৰমণৰ সময়ত এখন বৈঠকত মিলিত হয়। তাত চৌদি যুৱৰাজে পাকিস্তান চেণ্ট্ৰেল বেংকত ৩০০ কোটি ডলাৰ (প্ৰায় ২২,৫০৬ কোটি টকা) জমা আগবঢ়াইছিল। তেওঁ ১২০০ নিযুত ডলাৰ (প্ৰায় ৯,০০৩ কোটি টকা) পেট্ৰ’ল সামগ্ৰী ক্ৰয় কৰাৰ কথাও কয়।
ইমৰানে চৌদি চৰকাৰৰ সহায়ৰ প্ৰস্তাৱক আদৰণি জনাইছে । ছলমানে এই বছৰৰ ফেব্ৰুৱাৰীত পাকিস্তান ভ্ৰমণ কৰিছিল। ইমৰানে সেই সময়ত কৰোনাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা পাক অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ বাবে পুঁজিৰ বাবে আবেদন জনাইছিল ।

Comments (0)
Add Comment