শ্বাহৰুখৰ পুত্ৰই খাইছে কাৰাগাৰৰ ভাত, মাধৱনৰ পুত্ৰই জিনিছে ৭টা ৰাষ্ট্ৰীয় পদক
বলিউডৰ দুজন সফল তাৰকা অভিনেতা পিতৃ, দুয়োৰে সন্তানৰ আকাশ-পাতাল প্ৰাৰ্থক্যৰ কাহিনী এয়া ৷ শ্বাহৰুখ খান আৰু মাধৱন ৷ ইয়াৰে এজন দেউতাকে বলীউডত একাধিক চৰিত্ৰত দৃষ্টি আকৰ্ষণ কৰিছে অনুৰাগীৰ আৰু তেওঁৰ পুত্ৰই সফলতা আনিছে পানীৰ মাজত জলকোঁৱৰ হৈ । হয়, কিং খান শ্বাহৰুখৰ অধঃপতিত পুত্ৰই ড্ৰাগছৰ বাবে জেলৰ ভাত খাই ক’ৰ্টলৈ অহা যোৱা কৰাৰ বিপৰীতে একে সময়তে বলিউডৰ অভিনেতা মাধৱনৰ পুত্ৰ বেদন্তই ১৬ বছৰ বয়সত মহাৰাষ্ট্ৰৰ হৈ সাঁতোৰত সাতটা ৰাষ্ট্ৰীয় পদক জিকিছে।
বেদন্তই বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ জলজ চেম্পিয়নশ্বিপত চাৰিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জ জিকিছে । পুত্ৰৰ সফলতাৰ বাবে আজি মাধৱনক সকলোৱে প্ৰশংসা কৰিছে । সকলোৱে একেমুখে স্বীকাৰ কৰিছে যে বেদান্তই তেওঁৰ দেউতাকৰ নাম উজ্জ্বল কৰি তুলিছে। উল্লেখ্য যে, বেদন্তই মহাৰাষ্ট্ৰৰ হৈ ৮০০ মিটাৰ ফ্ৰীষ্টাইল, ১৫০০ মিটাৰ ফ্ৰীষ্টাইল, ৪x১০০ ফ্ৰীষ্টাইল ৰিলে আৰু ৪x২০০ ফ্ৰীষ্টাইল ৰিলেত ৰূপৰ পদক জিকিছিল । তেওঁ ১০০ মিটাৰ ফ্ৰীষ্টাইল, ২০০ মিটাৰ ফ্ৰীষ্টাইল আৰু ৪০০ মিটাৰ ফ্ৰীষ্টাইল সাঁতোৰতো ব্ৰঞ্জ জিকিছিল।
মাধৱন তেওঁৰ পুত্ৰৰ সফলতাত সুখী। ইনষ্টাগ্ৰামত তেওঁৰ পুত্ৰৰ সৈতে এখন ফটো পোষ্ট কৰি মাধৱনে বেদান্তৰ জন্মদিনত লিখিছিল, ‘মই যিবিলাক কাম ভাল পাইছিলো সেই কামত তুমি মোক অতিক্ৰম কৰিছা। মই গৌৰৱান্বিত। তোমাৰ পৰা বহুত শিকিবলৈ আছে। মই এজন দেউতা হিচাপে ধন্য।’