শুকুৰবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ সংবাদমেলত মুখ্যমন্ত্ৰীজনে আশা প্ৰকাশ কৰে যে পেট্ৰ’ল–ডিজেলৰ দাম কমিব শীঘ্ৰেই। তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, চৰকাৰে কি কৰি টেক্স কমাব পাৰে সেয়া চাই আছে ৷ আমি সদায় ৰাইজৰ লগত আৰু মোক বেলেগ টেক্স নালাগে৷ তেওঁ লগতে গৰুখুটিৰ উচ্ছেদ প্ৰায় সম্পন্ন হোৱা বুলিও জানিবলৈ দিয়ে।লামডিঙত আদাৰ খেতি কৰাৰ কথা কৈ লামডিং ফৰেষ্টো খালী কৰাৰ প্ৰসংগ উত্থাপন কৰে ৷ PFI নামৰ সংগঠনটো অসমত নিষিদ্ধ কৰাৰো পোষকতা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ PFIক নিষিদ্ধ কৰিবলৈ ভাৰত চৰকাৰক ইতিমধ্যে অনুৰোধ জনোৱাৰ কথাও সংবাদ মেলত প্ৰকাশ কৰে তেঁও । আনহাতে গৰুখুটিৰ উচ্ছেদিত মানুহে মাটি পোৱা নোপোৱাটো NRCত নাম আছেনে নাই সেয়া চাইহে নিৰূপণ কৰিব বুলিও কয় মুখ্যমন্ত্ৰীজনে ৷