মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শুকুৰবাৰে অসম জাতীয় পৰিষদে ৰাজ্যজুৰি গণ বিক্ষোভ কাৰ্যসূচী পালন কৰে৷ ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাৰ সদৰত দলৰ কৰ্মীসকলে ‘মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, নহ’লে গাদী বাদ দিয়ক’, ‘স্বেচ্ছাচাৰী শাসন পৰিত্যাগ কৰক, গণতন্ত্ৰক মূল্য দিয়ক’, ‘ৰাইজৰ চৰকাৰে ৰাইজৰ কথা শুনক, আদানী-আম্বানীক বাদ দিয়ক’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ আনহাতে বৃহস্পতিবাৰে গুৱাহাটীত দলৰ কেন্দ্ৰীয় সমিতিয়ে ৰাজভৱনলৈ গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰাৰ সময়তে দলীয় প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰো দলৰ জিলা সমিতিসমূহে প্ৰতিবাদ কৰে৷ প্ৰতিবাদকাৰীসকলে আজি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত সংশ্লিষ্ট জিলাই জিলাই উপায়ুক্তসকলৰ হাতত একোখনকৈ স্মাৰকপত্ৰও প্ৰদান কৰে ৷