অসমতত ক’ভিড বিধি চৰকাৰে ক্ৰমাৎ শিথিল কৰি আনিলেও প্ৰকৃততে মুঠেই নিয়ন্ত্ৰণলৈ অহা নাই ক’ভিডৰ সংক্ৰমণ ৷ ৰাজ্যখনত কেইবাখনো বিদ্যালয়ত আৰম্ভ হৈছে ক’ভিড সংক্ৰমণ ৷ কেইবাখনো শিক্ষানুষ্ঠান ক’ভিড সংক্ৰমণৰ কাৰণে কনটেইনমেণ্ট জ’ন হিচাবে ঘোষণা কৰা হৈছে ৷
লকডাউনৰ বাবে দীৰ্ঘদিন বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহৰ পাঠদান পৰ্যায় ক্ৰমে আৰম্ভ কৰা হৈছিলহে শেহতীয়াভাৱে ৷ কিন্তু কেইবাখনো বিদ্যালয়ত ক’ভিড সংক্ৰমণ আৰম্ভ হোৱাত পুনৰ অনিশ্চয়তাই দেখা দিছে ।
বৃহস্পতিবাৰে গুৱাহাটী মহানগৰত দুখন বিদ্যালয়ক কণ্টেইমেণ্ট জ’ন ঘোষণা কৰে প্ৰশাসনে ৷
কামাখ্যা হাইস্কুলত প্ৰধান শিক্ষকৰ উপৰিও গাড়ীগাওঁ বালিকা মোক্তাবৰত তিনিগৰাকী শিক্ষক ক’ভিডত আক্ৰান্ত হৈছে । যাৰ বাবে দুয়োখন বিদ্যালয়ক কনটেইনমেন্ট জ’ন হিচাবে ঘোষণা কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷
ইফালে ডিব্ৰুগড়ৰ চাবুৱাতো অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় নামৰ বিদ্যালয়খনত ৪ জন শিক্ষক আৰু ২ জন ছাত্ৰ দেহত ক’ভিড ধৰা পৰে ৷ সেয়ে ডিব্ৰুগড় জিলা স্কুল পৰিদৰ্শকে শিক্ষানুষ্ঠানখন ৭ দিনৰ বাবে বন্ধ ঘোষণা কৰিছে ।