Daily Time Axom

গুৱাহাটীৰ বিৰুবাৰীত পশুধন নিগমৰ বিপনী ‘সতেজ’ মুকলি

0 7

অসম পশুধন নিগমৰ দ্বাৰা গুৱাহাটীৰ বিৰুবাৰীত নৱ-নিৰ্মিত বিপনী ‘সতেজ’ শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই। ’পথাৰো আমাৰো, বজাৰো আমাৰ’ কাৰ্য্যসূচীৰ আধাৰত নিগমে নিজাববীয়াকৈ নিৰ্মাণ কৰি উলিওৱা এই বিপনীখনৰ জৰিয়তে সতেজ, স্বাস্থ্যসন্মত মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ লগতে থলুৱা ভাৱে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী উপলব্ধ হব। অধ্যক্ষ মনোজ শইকীয়াই কয় যে, নিগমে ধাৰাবাহিকভাৱে ৰাজ্যৰ উৎপাদিত সামগ্ৰী সুলভভাৱে বজাৰত উপলব্ধ কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰি অহাৰ লগতে ইয়াৰ জৰিয়তে যুৱক-যুৱতীসকলক সমানে আত্মনিৰ্ভৰশীল কৰিবলৈ কাৰ্য্যসূচী গ্ৰহণ কৰিছে। এই অনুষ্ঠানত পশুপালন আৰু পশু-চিকিৎসা বিভাগৰ বহু সংখ্যক বিষয়া আৰু স্থানীয় লোক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.