Daily Time Axom

ছিপাঝাৰৰ ধলপুৰ কাণ্ডত মৃত্যুৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

0 8

ছিপাঝাৰৰ ধলপুৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা বিবাদৰ পিছত আৰক্ষীৰ গুলীচালনাত দুজন সংখ্যালঘু লোকৰ মৃত্যু ঘটিছিল ৷ এই মৃত্যুৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে দৰঙৰ উপায়ুক্ত প্ৰভাতী থাওছেনে।
দৰং জিলা প্ৰশাসনে যোৱা মাহত ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰত উচ্ছেদ অভিযানৰ সময়ত ২৩ ছেপ্টেম্বৰৰ ঘটনাৰ ওপৰত ব্যক্তি/সংগঠনৰ সাক্ষ্য/বিবৃতিৰ শুনানি/ৰেকৰ্ডিংৰ ওপৰত নিৰ্ধাৰণ কৰি দুজন লোকৰ মৃত্যৰ দণ্ডাধীশ তদন্তৰ নিৰ্দেশ
দিছে জিলা দণ্ডাধীশ প্ৰভাতী থাওছেনে ।
৭ আৰু ৮ নৱেম্বৰত পুৱা ১০:৩০ বজাৰ পৰা ২:৩০ বজাৰ ভিতৰত প্ৰত্যক্ষদৰ্শী/আগ্ৰহী ব্যক্তিসকলক ছিপাঝাৰ উন্নয়ন খণ্ডৰ অধীনৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ কনফাৰেন্স হলত জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকাৰ সন্মুখত ঘটনা সন্দৰ্ভত তেওঁলোকৰ বক্তব্য সাক্ষ্য দিবলৈ বা লিপিবদ্ধ কৰিবলৈ অনুৰোধ নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে ধলপুৰ অঞ্চলৰ উচ্ছেদক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ ৷ আনকি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চিত হৈছিল এই উচ্ছেদ আৰু মৃত্যুৰ ঘটনাৰ ৷

Leave A Reply

Your email address will not be published.