Daily Time Axom

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইটালী ভ্ৰমণ, ভাগ ল’ব জি-২০ শীর্ষ সম্মিলনত

0 14

জি-২০ শীর্ষ সম্মিলনত অংশগ্ৰহণৰ বাবে ইটালী ভ্ৰমণত প্রধানমন্ত্রী নৰেন্দ্র মোদী। শুক্রবাৰে পুৱা ৰোমত অৱতৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ইটালীত ভাৰতৰ ৰাষ্ট্ৰদূত নীনা মালহোত্ৰাই সদৰি কৰে প্ৰধানমন্ত্ৰীয়ে শুক্ৰবাৰে আবেলি ৩.৩০ বজাত ইটালীৰ ৰাজধানীত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰিব। তাৰ পিছত তেওঁ প্ৰধানমন্ত্ৰী মাৰিঅ ড্ৰাংগীৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৰোমলৈ ৰাওনা হোৱাৰ পূৰ্বে মোডীয়ে কয়, “এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল চৰম পৰিস্থিতিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা গোলকীয় অৰ্থনীতি পুনৰুদ্ধাৰ কৰা।” বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই কৈছিল যে এইবাৰ জি-২০ সন্মিলনত আফগানিস্তানৰ পৰিস্থিতিৰ বিষয়েও আলোচনা হোৱাৰ সম্ভাৱনা আছে। এজন ভাৰতীয় প্ৰধানমন্ত্ৰী ৰোম ভ্ৰমণলৈ ১২ বছৰৰ পাছত গৈছে ।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও ৬-৭ অক্টোবৰত ৰোমত এখন আন্তঃৰাষ্ট্ৰীয় শান্তি সন্মিলনত অংশ লোৱাৰ কথা আছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে তেওঁক ইটালী ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া নাই । এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি মমতাই কয়, “ঈৰ্ষাৰ বাবে মোক বাধা দিয়া হৈছে । “

Leave A Reply

Your email address will not be published.