শনিবাৰে ৫ সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব ৩১জন প্ৰাৰ্থীৰ ভোট গ্ৰহণৰ বাবে সাজু প্ৰশাসন-নিৰ্বাচন আয়োগ
৫টা সমষ্টি ৩১জন প্ৰাৰ্থী। শনিবাৰে ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব অসমৰ ৫টা বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচন ৷ এই নিৰ্বাচনত ৩১ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭, ৯৬,৪৫৬ লাখ ভোটাৰে ৷ মৰিয়নি, থাওৰা, ভাৱানীপুৰ, তামুলপুৰ আৰু গোঁসাইগাঁও এই পাঁচটা বিধান সভা সমষ্টিত কাইলঋ হ’ব ভোট গ্ৰহণ ৷ তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থীসকল হ’ল ভাস্কৰ দাহাল (কংগ্ৰেছ), ব্ৰজেন্দ্ৰ নাথ ডেকা (গণ সুৰক্ষা পাৰ্টি), জোলেন দৈমাৰী (ইউপিপিএল), ৰাজ কুমাৰ বড়ো (ভিপিআই), নিৰ্দলীয় দুই প্ৰাৰ্থী গণেশ কাছাৰী আৰু যশৱন্ত চৌহান ।
তামোলপুৰৰ ইউপিপিএলৰ বিধায়ক লেহোৰাম বড়ো আৰু গোঁসাইগাঁৱৰ বি পি এফ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ কভিডৰ বাবে মৃত্যু ঘটিছিল। সেয়ে খালী হৈছিল গোসাইগাঁও আৰু তামোলপুৰৰ আসনখন ৷ ইফালে কংগ্ৰেছৰ দুই বিধায়ক থাওৰাৰ সুশান্ত বৰগোঁহাই আৰু মৰিয়নীৰ ৰূপজ্যোতি কুৰ্মীৰ লগতে ভবানীপুৰৰ এ আই ইউ ডি এফৰ বিধায়ক ফণী তালুকদাৰে বি জে পিত যোগ দিয়াত মুঠ পাঁচখন আসন খালী হৈছিল ৷