১৩ বছৰ অতিক্ৰম কৰিলে নৰঘাতক ৰঞ্জন দৈমাৰীৰ নেতৃত্বত সংঘটিত ৩০ অক্টোবৰৰ সেই ভয়ানক নৰসংহাৰৰ ৷
আজিৰ দিনটোতে এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী নেতৃত্বত সংঘটিত হৈছিল গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডৰ চিজেএম আদালতৰ চৌহদকে ধৰি প্ৰায় একেলগে নটা স্থানৰ বিস্ফোৰণৰ ঘটনা ৷ য’ত ৯০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল। সেই বৰ্বৰতাত বহু লোক আহত হৈছিল।
গুৱাহাটীত পান বজাৰ, ফেন্সি বজাৰ আৰু গণেশগুৰিতো সংঘটিত বিস্ফোৰণ সংঘটিত হৈছিল।
কোকৰাঝাৰত তিনিটা বিস্ফোৰণ সংঘটিত হৈছিল, এটা বঙাইগাঁৱত আৰু দুটা বৰপেটা ৰোডত ।
নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড (এনডিএফবি – আৰ)ৰ মুৰব্বী ৰঞ্জন দৈমাৰী, যি বিস্ফোৰণৰ আঁৰৰ মূল আছিল, চিবিআই আদালতে তেওঁক আজীৱন কাৰাদণ্ড প্ৰদান কৰিছিল যদিও পিছত ত্ৰিপাক্ষিক বড়ো চুক্তি স্বাক্ষৰৰ বাবে তেওঁক জামিনত এৰি দিয়া হৈছিল যদিও ইতিহাসৰ ক’লা পৃষ্ঠাত লিখা হৈ ৰ’ব নৰঘাতক ৰূপে ৰঞ্জন দৈমাৰীৰ নাম ।
আজিও দিনটো ক’লা দিৱস হিচাপে অসমৰ ইতিহাসত চিহ্নিত কৰা হৈছে।
বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতিত বিস্ফোৰণস্থলীসমূহত প্ৰতিবছৰে স্মাৰক অনুষ্ঠান অনুষ্ঠিত কৰি অহা হৈছে।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সেই বিস্ফোৰণত প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিক টুইটাৰত এটা পোষ্টেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।