নলবাৰীৰ ঘগ্ৰাপাৰৰ তিনিখন গাঁও পঞ্চায়তত অলপতে পৃথকে পৃথকে একোটা দিব্যাংগসকলৰ বাবে পৰীক্ষণ শিৱিৰ অনুষ্ঠিত হয়।ঘগ্ৰাপাৰ গাঁও পঞ্চায়তত অনুষ্ঠিত এই শিৱিৰটো মুকলি কৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই। নেতাগৰাকীয়ে ভাষণত– বিজেপি চৰকাৰে ৰাইজৰ কাৰণে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰাৰ লগতে দিব্যাংগসকলৰ বাবেও বিশেষ গুৰুত্ব দিয়া বুলি সদৰী কৰে।
অনুষ্ঠানটি ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,কাউন্সিলাৰ মনেশ্বৰ ভৰালী, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক মৃগেন শৰ্মা,কোষাধ্যক্ষ জয়ন্ত তালুকদাৰ, বাঘমাৰা বুথ বিজেপিৰ সভাপতি সভাপতি পুলেন কলিতা,সাধাৰণ সম্পাদক কিশোৰ ভৰালী,বিজেপি নেতা তথা শক্তি কেন্দ্ৰ আহ্বায়ক চামচুল আলী আৰু নলবাৰী স্বাস্থ্য বিভাগৰ কেবাগৰাকীয়ে অভিজ্ঞ সম্পন্ন ডাক্তৰে অংশগ্ৰহণ কৰে ।ইফালে ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱ বনভাগ গাঁও পঞ্চায়তত ৬০ গৰাকী আৰু খাতিকুছি গাঁও পঞ্চায়তত ৪০ গৰাকী দিব্যাংগক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে।
ভাৰতীয় জনতা পাৰ্টি,বড়িগোগ বনভাগ মণ্ডলৰ সহযোগত নলবাৰী সদৰ সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ প্ৰচেষ্টাত আৰু নলবাৰী স্বাস্থ্য বিভাগৰ উদ্যোগত ২৭ অক্টোবৰত এই কাৰ্যসূচী পালন কৰা হয় ৷