অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী ৰেঞ্জত উপস্থিত হৈ ৰেঞ্জৰ কাষৰীয়া এটা মথাউৰিৰ ভগ্নপ্ৰায় অংশৰ পুনৰ্নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে | মন্ত্ৰী গৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলী ৰেঞ্জত উপস্থিত হৈ বিভাগে ইতিমধ্যেই প্ৰায় সমাপ্ত কৰি তোলা মথাউৰিৰ পুনৰ্নিমাণৰ কাম পৰিদৰ্শন কৰি বিভাগীয় কাম কাজত নিজৰ সন্তুষ্টি প্ৰকাশ কৰে | সাংবাদিকৰে হোৱা কথা বতৰাত মন্ত্ৰী গৰাকীয়ে কয় যে পুৰণা প্ৰকল্পৰ অধীনত অগৰাতলী অঞ্চলত ইতিমধ্যেই মথাউৰি পুনৰ্নিমাণৰ কাম সমাপ্ত হৈছে আৰু যিখিনি বাকী আছে সেয়াও সোনকালে সমাপ্ত হ’ব | আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত খহনীয়া ৰোধৰ বাবে মন্ত্ৰী গৰাকীৰে বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা তথা বন বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ সিদ্ধান্ত অনুসৰি প্ৰায় তিনিৰ পৰা চাৰি কিল’মিটাৰ অঞ্চলত খহনীয়া ৰোধৰ বাবে কিছু কাম কৰিব লগা আছে সেয়াও অতি শীঘ্ৰে আৰম্ভ কৰা হ’ব বুলি তেঁও মন্তব্য কৰে |
সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে তেঁও মন্ত্ৰী হোৱাৰ সময়ত প্ৰায় ১৮ টা ভগ্নপ্ৰায় মথাউৰিৰ কাম বাকী আছিল যিখিনি বিভাগে ইতিমধ্যেই প্ৰায় সম্পূৰ্ণ কৰি তুলিছে | আনহাতে বিগত বানপানীৰ সময়ত ৰাজ্যখনৰ ১৫ টাতকৈও অধিক মথাউৰি প্ৰায় ভাঙো ভাঙো অৱস্থা হৈছিল যদিও বিভাগৰ তৎপৰতাত ১৫ টা মথাউৰিৰ মথো এটাহে ভাঙিছিল, বাকী ১৪ টা মথাউৰি বিভাগৰ প্ৰচেষ্টাত ভাঙিবলৈ দিয়া হোৱা নাছিল ৷ অৱশ্যে বিগত সময়ত তুলনামূলকভাৱে বৰষুণৰ পৰিমাণ কম হোৱা বাবে জলসম্পদ বিভাগে মথাউৰি ভাঙিবলৈ নিদিয়াৰ কৃতিত্ব নিজে লোৱা নাই বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে | অনাগত সময়ত বৰষুণৰ পৰিমাণ বৃদ্ধি হ’লে বিভাগীয় কাম-কাজ কিমান ভালদৰে কৰা হৈছে সেয়া সকলোয়ে বুজি পাব বুলি তেঁও উল্লেখ কৰে | আনহাতে বোকাখাত সমষ্টিত ১৫-১৬ কিল’মিটাৰকে ধৰি গোটেই অসমত এইবাৰ ১০০০ কিল’মিটাৰ মথাউৰি পকীকৰণ হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই | পাছত মন্ত্ৰী গৰাকীয়ে কঁহৰা অঞ্চলত নিৰ্মীয়মান জলসম্পদ বিভাগৰ অতিথি গৃহৰ কামো পৰিদৰ্শন কৰে |