Daily Time Axom

ভূতৰ স’তে প্ৰেম-ডেটিং বৃটিছ গায়িকাৰ, ভূতক লৈ লিখিব গান

0 8

তেওঁ পেছাত এজন সংগীতজ্ঞ। কিন্তু শেহতীয়াকৈ তেওঁক সম্পূৰ্ণ বেলেগকৈ চিনি পাব ধৰিছে । ব্ৰিটিছ গায়িকা ব্ৰো কাৰ্ডে অলপতে দিয়া এক সাক্ষাৎকাৰত দাবী কৰিছিল যে তেওঁ এগৰাকী অশাৰীৰিক মহিলাৰ সৈতে ডেটিং কৰি আছে। আৰু তেওঁৰ প্ৰেমিকে ভূতৰ সৈতে সম্পৰ্ক থকা কথা প্ৰকাশ কৰা বাবে তেওঁৰ ওপৰত বিৰক্ত হৈছে। গায়িকা গৰাকীৰ এনে অদ্ভুত দাবীৰ ফলত চাৰিওফালে হুলস্থূল সৃষ্টি হৈছে।
শেহতীয়া এক সাক্ষাৎকাৰত ব্ৰোকাৰ্ডে কৈছিল যে তেওঁৰ প্ৰেমিকৰ নাম এডৰ্ডো। এই সন্দৰ্ভত গায়িকাগৰাকীয়ে কয়, “মই সঁচাকৈয়ে অনুভৱ কৰোঁ অশৰীৰী আক্ৰমণ। আমি আমাৰ প্ৰেম ৰাজহুৱা কৰাৰ পিছৰে পৰা এডৰ্ডোৱে মোৰ ওপৰত খং কৰি আহিছে। তেওঁ এতিয়া সম্পূৰ্ণৰূপে শান্ত। আগতে, তেওঁৰ উপস্থিতিয়ে মোক উপলব্ধি কৰাইছিল এজাক গৰম বতাহক। কিন্তু এতিয়া ঠাণ্ডা বতাহ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছো। “

কেৱল সেয়াই নহয়। বাথৰুমৰ দুৱাৰখনত ভাপেৰে লিখি যায় ‘মই যাওঁ’ বুলি। গায়িকাগৰাকীৰ কথাৰে, “তেওঁ মোক স্পৰ্শ কৰাৰ লগে লগে, হাড়লৈকে বৰফ লগা যেন লাগে। মই তেওঁৰ খং অনুভৱ কৰিব পাৰো। তেওঁ আনকি খঙত মোক এবাৰ আঘাতো কৰিছিল। “

গায়িকা গৰাকীয়ে কয়, হেলোইন হৈছে ভূতৰ বাবে ভেলেণ্টাইন দিন। গতিকে মই সেইদিনা তেওঁৰ বাবে এটা গান লিখিম আৰু এটা সুৰেৰে গাম। মই তেওঁৰ অভ্যৰ্থনাৰ বাবে এডাল মমবাতি জ্বলাম। এয়া সকলো চিনেমাৰ দৃশ্যৰ দৰে লাগে শুনিবলৈ । কিন্তু ব্ৰিটিছ গায়কে দাবী কৰে যে এয়া সকলো সত্য ।

Leave A Reply

Your email address will not be published.