২২দিনৰ পিছত জেল এৰিলে শ্বাহৰুখ তনয় আৰয়ানে, জুহি চাওলাই ল’লে জামিন

শ্বাহৰুখৰ পুত্ৰ আৰয়ান খান ২২দিন ধৰি অভিশপ্ত সময় কটোৱাৰ পিছত আজি কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছে। পুৱা ১০:৩৯ বজাত আৰ্থাৰ ৰোড কাৰাগাৰৰ দু্ৱাৰেদি ওলাই আহিল আৰিয়ান খান ৷ জে’ল কৰ্তৃপক্ষৰ হাতত পুৱা ৫.৩০বজাত পৰিছিল আৰিয়ান খানৰ মুকলি কৰাৰ প্ৰক্ৰিয়াৰ জামিনৰ নথি ।
শ্বাহৰুখ তনয়ক প্ৰথমে এখন পাঁচ তাৰকা হোটেললৈ লৈ যোৱা হৈছে। শ্বাহৰুখৰ উকীল সতীশ মানশিন্দে তাত অপেক্ষা কৰি আছিল।
আৰয়ানক শুকুৰবাৰে জামিন দিয়াৰ কথা আছিল ৷ জুহি চাওলাই নিজেই তেওঁক ১ লাখ টকাৰ ব্যক্তিগত বণ্ডত জামিন ল’বলৈ আগবাঢ়ি আহিছিল। কিন্তু জামিনৰ নথি-পত্ৰ সময়মতে কাৰাগাৰত আহি নোপোৱাত আৰয়ানৰ মুক্তি শেষ মুহূৰ্তত বন্ধ কৰা হৈছিল।
শনিবাৰে পুৱতি নিশা ৫.৩০ বজাত আৰ্থাৰ ৰোড কাৰাগাৰত বেল বক্সটো খোলা হৈছিল। ইফালে, শ্বাহৰুখ খানে মন্নতৰ পৰা ওলাই আহিছিল আৰ্থাৰ ৰোড জে’ললৈ । মুম্বাই আৰক্ষীয়ে শ্বাহৰুখ আৰু আৰয়ানৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

Comments (0)
Add Comment