Daily Time Axom

ৰাজ্যিক ফেন্সিং প্ৰতিযোগিতা আৰম্ভ

0 14

অসম ফেন্সিং সন্থাৰ উদ্যোগত গুৱাহাটীত শণিবাৰৰ পৰা অসম ৰাজ্যিক ফেন্সিং প্ৰতিযোগিতা আৰম্ভ হৈছে। দেওবাৰে অন্ত পৰিবলগীয়া প্ৰতিযোগিতাখনত ল’ৰা-ছোৱালী উভয় শাখাত ১১ খন জিলাৰ ১৭১ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এপী, ফইল আৰু ছেব্ৰে শাখাত প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। প্ৰতিোগিতাৰ কেডেট ল’ৰাৰ এপী শাখাত তিনিচুকীয়াৰ অমনদীপ লামাই প্ৰথম স্থান আৰু ছোৱালীৰ এপী শাখাত যোৰহাটৰ ভাগ্যশ্ৰী গগৈয়ে প্ৰথম স্থান লাভ কৰে। একদেৰে কেডেট ফইলৰ ল’ৰাৰ শাখাত তিনিচুকীয়াৰ ঋতুপন দহোটিয়াই আৰু ছোৱালীৰ শাখাত তিনিচুকীয়াৰ দেৱীকা বৰাই প্ৰথম স্থান লাভ কৰে। কেডেট ছেব্ৰেৰ ল’ৰা শাখাত কাচাৰৰ এম লামঙানবা সিনহা আৰু ছোৱালীৰ শাখাত গুৱাহাটীৰ দিশা কাশ্যপে প্ৰথম স্থান লাভ কৰে। ইফালে, আজি অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অসম ফেন্সিং সন্থাৰ সভাপতি দুৰ্গা দাস বড়ো, ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ যুটীয়া সঞ্চালক নৱজ্যোতি বসুমতাৰী, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহকাৰী সঞ্চালক এছ ঠাকৰে, অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক ড০ তপন দাস, ৰাউণ্ড টেবল ইণ্ডিয়াৰ আদিত্য আগৰৱাল আৰু ভেনাছ আগৰৱাল, আউটৰিটচৰ স্বত্বাধিকাৰী মোকেশ ম’ৰৰ লগতে অসম ফেন্সিং সন্থাৰ সম্পাদক বিপুল শৰ্মা, কোষাধ্যক্ষ অংশুমান দত্তৰ লগতে আন বিষয়ববীয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.