অৰুণাচলৰ চিয়াং নদীত হাজাৰ হাজাৰ মাছৰ মৃত্যু ৷ চীনে ১০,০০০ কিঃমিঃ দীঘল সুৰংগ নিৰ্মাণ কৰি পেলাইছে আৱৰ্জনা
অৰুণাচলৰ পূব কামেং জিলাৰ চেপ্পাত আতংক বিয়পি পৰিছে। শেহতীয়ভাৱে অঞ্চলটোৰ মানুহে লক্ষ্য কৰিছিল যে কামেং নদীৰ পানীৰ ৰং ক’লা হৈ পৰিছে । লগতে হাজাৰ হাজাৰ মৃত মাছ পানীত ওপঙি আছে।
এতিয়া প্ৰশ্ন হৈছে যে নদীৰ পানী হঠাৎ কিয় ক’লা হৈ পৰিল!
অৰুণাচল চৰকাৰে দাবী কৰিছে যে পানীত ডিচভাল্ভ পদাৰ্থ বা টিডিএছ বৃদ্ধি পাইছে। যাৰ ফলত অক্সিজেনৰ অভাৱত হাজাৰ হাজাৰ মাছৰ মৃত্যু হৈছে।
প্ৰাথমিক অনুসন্ধানৰ পৰা জিলা বিষয়া হালি তাজোৱে সংবাদ মাধ্যমক জনাই যে নদীৰ পানীত প্ৰতি লিটাৰত টিডিএছৰ পৰিমাণ ৬৮০০ মিগ্ৰা। কিন্তু , প্ৰকৃততে ইয়াৰ স্বাভাৱিক স্তৰ হৈছে প্ৰতি লিটাৰত ৩০০ -১২০০ মিগ্ৰা। গতিকে সেই মৰা মাছটো খোৱাটো বিপদজনক। কিয়নো ইয়াৰ ফলত বিষক্ৰিয়া হ’ব পাৰে।
সেয়ে জিলা প্ৰশাসনেও নদীত মাছ ধৰা নিষিদ্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। অৱশ্যে, অঞ্চলটোৰ লোকসকলে দাবী কৰে যে- কামেং নদীৰ পানী হঠাতে ক’লা হোৱাৰ আঁৰত চীনৰ কিবা অভিসন্ধি আছে। চুবুৰীয়া দেশখনৰ নদীৰ পাৰত একাধিক ঠাইত নিৰ্মাণ কাৰ্য চলি আছে। তাৰ আৱৰ্জনা নদীৰ পানীত পেলাই নদীৰ পানী দূষিত কৰিছে।
অৰুণাচলৰ পূবৰ সাংসদ নিনাং এৰিঙে প্ৰধানমন্ত্ৰীক সমস্যাটো সমাধান কৰিবলৈ আহ্বান জনাইছে। তেওঁ দাবী কৰে যে চীনে ১০,০০০ কিলোমিটাৰ দীঘল এটা সুৰংগ নিৰ্মাণ কৰি আছে। জিনজিয়াং প্ৰদেশৰ চিয়াং নদীৰ পানী কামেং নদীত পেলাই দিয়া হৈছে। যাৰ ফলত এই বিপদটোৰ সৃষ্টি হৈছে।