Daily Time Axom

প্ৰধানমন্ত্ৰীৰ বিশেষ এখন ফটোৱে আকৰ্ষিত কৰিছে দেশবাসীক

0 9

পোপৰ সৈতে প্ৰথম ছবি। ইয়াৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেন আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে ঘনিষ্ঠ আলিঙ্গন কৰিছিল। তেওঁক আলিঙ্গন কৰোঁতে, মেক্ৰ’নৰ মুখখন বগা মুখাৰে ঢাকি ৰখা হৈছিল। মাস্ক পিন্ধিয়ে বিডেনও অনুষ্ঠানটোলৈ আহিছিল। মোডীৰ সৈতে আলিঙ্গনৰ সময়তো বিডেনে ক’লা মাস্ক পিন্ধা দেখা গৈছিল ।
প্ৰধানমন্ত্ৰী মোডীয়ে আলিঙ্গনৰ সময়ত হ’লে মাস্ক পিন্ধা নাছিল। আনকি মাস্কখন সেই সময়ত তেওঁৰ হাততো দেখা পোৱা নাছিল।
প্ৰধানমন্ত্ৰীয়ে জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইটালীৰ ৰোম ভ্ৰমণত গৈছিল । সন্মিলনৰ মঞ্চত মোডীৰ বিু্বৰ বিভিন্ন নেতাৰে সাক্ষাৎ হৈছিল ৷ মোডীয়ে শনিবাৰে ভেটিকান ভ্ৰমণ কৰি পোপ ফ্ৰান্সিছক লগ কৰি তেওঁৰ স’তে উঠা ফটো টুইটাৰত শ্বেয়াৰ কৰিছিল। কিন্তু মোডীৰ মুখত তেতিয়াও মাস্ক নাছিল। অৱশ্যে পোপৰ মুখতো মাস্ক দেখা পোৱা নাছিল বিশ্ববাসীয়ে । চৰ্চা হৈছে ইয়াৰ পৰা এইটোৱেই বুজিব পাৰি নেকি যে বিশ্বৰ পৰা কৰ’নাৰ সন্ত্ৰাস চিৰদিনলৈ আঁতৰিল!

Leave A Reply

Your email address will not be published.