শ্বাহৰুখ পুত্ৰৰ জেলৰ পৰা গৃহ যাত্ৰা, যেন যুদধ জয়ৰ উৎসৱহে ! ’মন্নত’ত বিশেষ আলোক সজ্জা
গাড়ীখনে সকলো অতিক্ৰম কৰি মুম্বাইৰ আৰ্থাৰ ৰোড জেইলৰ সন্মুখৰপৰা আৰৱ সাগৰৰ পাৰৰ এটা বিখ্যাত ঘৰলৈ মানুহৰ ভিৰ ফালি আগবাঢ়িছে । ঘৰখনৰ পুত্ৰধন পুনৰ ঘৰলৈ উভতি আহিছে এক ডাঙৰ বিপৰ্যয়ৰ পিছত। উচুপি কান্দি ৰৈ আছে বিপথে যোৱা ল’ৰাটোৰ মাতৃ ৷
হয়, শ্বাহৰুখ পুত্ৰ আৰিয়ানৰ কথাকে কৈছো ৷ শনিবাৰৰ কথা এয়া ৷ তেতিয়ালৈ শ্বাহৰুখৰ বাসগৃহ মন্নতৰ সন্মুখত এটা উৎসৱমুখৰ পৰিবেশ আৰম্ভ হৈছিল। হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ। মনত উত্তেজনা, চকুত আৱেগ। প্ৰচণ্ড ধুমুহাৰ পাছৰ মন্নতৰ সমীপতে থকা আৰৱ সাগৰখনৰ লহৰহে যেন মানুহৰ ভিৰ…
শ্বাহৰুখ-আৰিয়ানৰ বেনাৰ লৈ থকা মানুহৰ এটা দলে চিঞৰি চিঞৰি তেওঁলোকৰ ডিঙি ফালিছিল। বহুতে চিঞৰিছে, ‘প্ৰিন্স, আপোনাক স্বাগতম। শ্বাহৰুখৰ সৈতে, তেওঁৰ পৰিয়াল আৰু অনুগামী সকলো জড়িত হোৱা দেখা গ’ল । এজন সাধুৱে শনিবাৰে ৰাতিপুৱাৰ পৰা মন্নতৰ সন্মুখত বহি আৰিয়ান অহালৈ চাই হনুমান চালিছা পঢ়ি আছিল ২৩ বছৰীয়া তাৰকা-সন্তানৰ মংগল কামনাৰে। এয়া শনিবাৰে আৰিয়ানক জে’লৰপৰা ওলোৱাৰ পিছত ঘৰলৈ শ্বাহৰুখে লৈ আনি থকা সময়ৰ শ্বাহৰুখৰ ঘৰৰ সন্মুখৰ পৰিৱেশ ৷
বিপথে যোৱা ড্ৰাগছ আসক্ত আৰিয়ানৰ বাবে এতিয়া শ্বাহৰুখ খান, গৌৰী খানে বিশেষ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা ব্যৱস্থা কৰিছে ৷ লগতে চাইক’লজিকেল কাউন্সিলিঙৰ ব্যৱস্থা কৰিছে আৰিয়ানৰ ৷ অনিৰ্দিষ্ট কাললৈ পুত্ৰৰ ৰাজহুৱা ভ্ৰমণ, পাৰ্টী আদিৰ ক্ষেত্ৰত কঠোৰ হ’ব আৰিয়ানৰ পিতৃ-মাতৃ শ্বাহৰুখ আৰু গৌৰী খান ৷ আনহাতে মুম্বাইৰ বাহিৰলৈ গ’লেও আৰিয়ানৰ ভ্ৰমণ বৃতাল্ত জনাব লাগিব তদন্তকাৰী বিষয়াক। জেলৰ পৰা আৰিয়ানৰ আগমন উপলক্ষে আলোকেৰে সজ্জিত কৰি তোলা হয় মন্নত