Daily Time Axom

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীৰ দেশবাসীক সম্বোধন

0 9

ভাৰতে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৬ তম জন্ম জয়ন্তী উদযাপন কৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কয় যে “আমি ঐক্যবদ্ধ হৈ থাকিলেহে দেশ আগবাঢ়িব পাৰিব”।
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰতৰ সমাজ আৰু পৰম্পৰাত বিকশিত হোৱা গণতন্ত্ৰৰ শক্তিশালী ভেটিয়ে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ অনুভূতিক সমৃদ্ধ কৰিছে। কিন্তু আমি এইটোও মনত ৰাখিব লাগিব যে নাওএখনত বহি থকা সকলো যাত্ৰীয়ে নাওখনৰ যত্ন ল’ব লাগিব। আমি ঐক্যবদ্ধ হৈ থাকিলেহে আগবাঢ়িব পাৰোঁ।”
প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয়, “আজি দেশবাসীয়ে চৰ্দাৰ পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে যিয়ে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ বাবে প্ৰাণ দিছিল। চৰ্দাৰ পেটেলে কেৱল ইতিহাসতে নহয়, সকলো ভাৰতীয়ৰ হৃদয়তো বাস কৰে।”

Leave A Reply

Your email address will not be published.