বিধ্বস্ত টীম ইণ্ডিয়াক কঠোৰ সমালোচনা : ভুল স্বীকাৰ বিৰাট কোহলীৰ

টীম ইণ্ডিয়াই আই পি এলত খেলিলেও ডাঙৰ খেলৰ চাপ ল’ব নোৱাৰা হ’ল নেকি? অধিনায়ক বিৰাট কোহলীয়ে নিউজিলেণ্ডৰ হাতত ৮ উইকেটত পৰাজিত হোৱাৰ পিছত স্বীকাৰ কৰিছিল এইবুলি ‘সঁচা অৰ্থত আমি সাহসেৰে বেটিং কৰিব পৰা নাছিলো। ‘   
পাকিস্তানৰ হাতত পৰাজিত হোৱাৰ পিছত টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ লগত খেলখন জিকিব লাগিছিল । সেই চাপটোৱেই খেলখনৰ হৰাৰ কাৰণ নেকি? কোহলীয়ে কৈছিল দৰাচলতে, আমি সাহসী নাছিলো। ভাৰতৰ অধিনায়কজনে এইটোও স্বীকাৰ কৰিছে যে নিউজিলেণ্ড শাৰীৰিক ভাষাতো আগবাঢ়ি আছিল। তেওঁ কয়, “যেতিয়া আমি খেলপথাৰত অৱতৰণ কৰিছিলোঁ তেতিয়া আমাৰ শাৰীৰিক ভাষাও সাহসী নাছিল।” নিউজিলেণ্ডে আমাৰ তুলনাত অধিক আক্ৰমণাত্মক দেখুৱাইছিল। প্ৰথম বলটোৰ পৰাই আমাৰ ওপৰত চাপ দিছিল। গোটেই ইনিংছটোতেই সেই চাপ ধৰি ৰাখিছিল। ”
ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে ২০১০ চনৰ দৰে বেটিং কৰাৰ বাবে ভাৰতক সমালোচনা কৰিছে। কোহলীয়ে ব্যাখ্যা কৰিছিল, “যেতিয়াই আমি সুযোগ ল’বলৈ গৈছো তেতিয়াই উইকেট হেৰাইছে। কাৰণ আমি বেটিং কৰিবলৈ সংকোচ বোধ কৰিছিলো। মই সিদ্ধান্ত ল’ব পৰা নাছিলো যে কেতিয়া শ্বট ল’ব লাগে আৰু কেতিয়া নহয়। ” 
এই চাপ নতুন নহয়। কোহলীয়ে লগতে উল্লেখ কৰে যে ভাৰতৰ দৰে এখন দেশত য’ত ক্ৰিকেট ধৰ্ম, তাত প্ৰত্যাশা থাকিব। তেওঁৰ কথাত, “যেতিয়া আপুনি ভাৰতীয় ক্ৰিকেট দলত থাকে তেতিয়া প্ৰত্যাশাৰ যথেষ্ট চাপ থাকে। কেৱল অনুৰাগীসকলেই নহয় খেলুৱৈসকলে নিজেও চাপ অনুভৱ কৰে। আমি য’লৈকে যাওঁ মানুহে সমৰ্থন কৰিবলৈ পথাৰলৈ আহে। আমি ইমান বছৰ ধৰি ইয়াৰ সৈতে খাপ খাই আছো। মই ইয়াক কেনেদৰে চম্ভালিব লাগে সেয়াও শিকিছিলো। ”  

Comments (0)
Add Comment