Daily Time Axom

গুৱাহাটী ভৰিছে হাইপ্ৰফাইল ক্ৰিকেটাৰেৰে ৷ নেহৰু ষ্টেডিয়াম আৰু বৰ্ষাপাৰাত ছৈয়দ মোস্তাক আলী টি-২০ ক্ৰিকেট ৷

0 15

গুৱাহাটীলৈ আহিছে টীম ইণ্ডিয়াৰ কেইবাজনো ক্ৰিকেটাৰকে ধৰি ভালেকেইজন হাইপ্ৰফাইল ক্ৰিকেটাৰ ৷
৪ নৱেম্বৰৰ পৰা দেশৰ বিভিন্ন ঠাইত অনুষ্ঠিত হ’ব অধীনৰ ছৈয়দ মোস্তাক আলী টী-২০ ক্ৰিকেট। বিচিচিআইৰ অধীনত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা ৷ দেশৰ আন আন ঠাইৰ লগতে গুৱাহাটীৰ বর্ষাপাৰা আৰু নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ছৈয়দ মোস্তাক আলী টি-২০ ক্ৰিকেট । ইয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম ক্ৰিকেট সন্থাই । ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে টীম ইণ্ডিয়াৰ ভালেকেইজন ক্ৰিকেটাৰ। গুৱাহাটীত খেলিব আজিংক্যা ৰাহানে, পৃথ্বী শ্ব, শিৱম ডুবে, ঋদ্ধিমান সাহা, মায়াংক আগৰৱাল, মণিষ পাণ্ডেকে ধৰি আন একাধিক ক্ৰিকেটাৰে ৷
ক’ভিড প্ৰট’কল অনুযায়ী অনুষ্ঠিত হ’ব লগীয়া দৰ্শক, সাংবাদিক, ফটো সাংবাদিক আৰু অফিছ ষ্টাফো যাব নোৱাৰিব ষ্টেডিয়ামলৈ।

Leave A Reply

Your email address will not be published.