কেইঘন্টামান পিছতে ওলাব ৫ সমষ্টিৰ উপ নিৰ্বাচনৰফলাফল

ৰাজ্যৰ ৫টাকৈ বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা আজি ৰাতিপুৱাৰে পৰা(৮ বজা)আৰম্ভ হৈছে । ৩০ অক্টোবৰত ৫ সমষ্টিত (মৰিয়নী, থাওৰা, ভবানীপুৰ, তামুলপুৰ আৰু গোসাঁইগাঁও) হৈ যোৱা বিধান সভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি ফলাফল ওলাব।
আটাইকেইটা সমষ্টিৰ প্ৰায় ৭ লাখ ভোটাৰে ইভিএমত বন্দী কৰিছিল মুঠ ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। নিৰ্বাচনী বিষয়াই পোষ্টেল ভোটসমূহ গণনা কৰাৰ পিছতে ইভিএমৰ ভোট গণনা কৰা হ’ব বুলি জানিব পৰা গৈছে ।স্মৰ্তব্য যে,প্ৰায় ৭৪ শতাংশ ভোটাৰে সমষ্টিকেইটাত ভোটদানৰ কৰিছিল ।

Comments (0)
Add Comment