গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ উ পি পি এলৰ জয় ৷ গোঁসাইগাঁৱত জিৰন বসুমতাৰী আৰু তামোলপুৰত জোলেন দৈমাৰীৰ বৃহৎ জয় ৷
গোঁসাইগাঁও আৰু তামুলপুৰ এই দুয়োটা সমষ্টিতে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈছে বিজেপি মিত্ৰ জোঁটৰ ইউ পি পি এলৰ প্ৰাৰ্থী ৷
২৮নং গোঁসাইগাঁও সমষ্টিত ইউ পি পি এলৰ জিৰন বসুমতাৰীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুৰ বিৰুদ্ধে ২৮২৫২ টা ভোটত জয়ী হয় ৷ কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুৱে লাভ কৰে মুঠ ৩০৫১৭ টা ভোট ৷
ইফালে তামুলপুৰ আসনখনত ইউপিপিএলৰ প্ৰাৰ্থী জোলেন দৈমাৰী নিৰ্দলীয় প্ৰাৰ্থী গণেশ কাচাৰীৰ বিৰুদ্ধে ৫৩৯১৬ টা ভোটত জয়ী হয়।
