গ্লাছগো জলবায়ু সন্মিলনত মোডীৰ ‘পঞ্চমৃত’, প্ৰধানমন্ত্ৰীয়ে কোন পাঁচটা প্ৰতিশ্ৰুতি দিলে?

ভাৰতে জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰিবলৈ আৰু সমগ্ৰ বিশ্বত উষ্ণতাৰ স্তৰ হ্ৰাস কৰিবলৈ পাঁচটা প্ৰতিশ্ৰুতি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনৰ মঞ্চত থিয় হৈ ইয়াক “পঞ্চমৃত” বুলি অভিহিত কৰিছে । তেওঁ দাবী কৰিছে যে ভাৰতে ২০৭০ চনৰ ভিতৰত কাৰ্বন প্ৰদূষণৰ স্তৰ সম্পূৰ্ণৰূপে হ্ৰাস কৰাৰ লক্ষ্য পূৰণ কৰিব। মোডীয়ে মুঠ পাঁচটা প্ৰতিশ্ৰুতিক বিশ্বৰ বাবে ভাৰতৰ “পঞ্চমৃতৰ উপহাৰ” বুলিও বৰ্ণনা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে পাঁচটা প্ৰতিশ্ৰুতি হ’ল-
১) ভাৰতে ২০৩০ চনৰ ভিতৰত অ-জীৱাশ্ম শক্তিৰ উৎপাদন ৫০০ গিগাৱাটলৈ বৃদ্ধি কৰিব।
২) একে সময়তে অৰ্থাৎ ২০৩০ চনৰ ভিতৰত দেশত শক্তিৰ চাহিদাৰ ৫০ শতাংশ নৱীকৰণযোগ্য শক্তিৰ জৰিয়তে পূৰণ কৰা হ’ব।
৩) এই বছৰৰ পৰা ২০৩০ চনৰ ভিতৰত, ভাৰতে আশা কৰাতকৈ ১০০ টন কম কাৰ্বন নিৰ্গত কৰিব।
৪) ভাৰতে ২০৩০ চনৰ ভিতৰত কাৰ্বন নিৰ্গমন ৪৫ শতাংশ হ্ৰাস কৰাৰ লক্ষ্য ৰাখিছে।
৫) শেষত, ভাৰতে ২০৭০ চনৰ ভিতৰত কাৰ্বন প্ৰদূষণৰ স্তৰ শূন্যলৈ হ্ৰাস কৰাৰ লক্ষ্য পূৰণ কৰিব ভাৰতে ।

অৱশ্যে চীনে ২০৬০ চনৰ ভিতৰত কাৰ্বন প্ৰদূষণৰ স্তৰ শূন্যলৈ হ্ৰাস কৰাৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়নে কৈছে যে তেওঁলোকে ২০৫০ চনৰ ভিতৰত সেই লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰিব।
দৰাচলতে, গ্লাছগোৰ আগতে, দলটোৰ নেতাসকলে ইটালীৰ ৰোমত অনুষ্ঠিত জি-২০ সন্মিলনত গোলকীয় উষ্ণতা হ্ৰাস কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল। ইয়াত অন্তৰ্ভুক্ত আছে গোলকীয় উষ্ণতাৰ স্তৰ ১.৫ ডিগ্ৰী চেলচিয়াছলৈ সীমিত কৰা। অৱশ্যে, পৰিৱেশবিদ আৰু বিজ্ঞানীসকলৰ মতে, এই লক্ষ্য পূৰণ কৰিবলৈ ২০৩০ চনৰ ভিতৰত কাৰ্বন প্ৰদূষণৰ স্তৰ ৫০ শতাংশ হ্ৰাস কৰিব লাগিব। ইয়াৰ উপৰিও, ইয়াক ২০৫০ চনৰ ভিতৰত সম্পূৰ্ণৰূপে হ্ৰাস কৰিব লাগিব।

Comments (0)
Add Comment