Daily Time Axom

দেশত চলিত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত পেট্ৰ’লজাত সামগ্ৰীৰ কৰ সংগ্ৰহ ৩৩ শতাংশ বৃদ্ধি

0 18

কেন্দ্ৰীয় চৰকাৰে ২০২১-২২ বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত পেট্ৰ’লজাত সামগ্ৰীৰ শুল্কৰ পৰা যথেষ্ট ৰাজহ উপাৰ্জন কৰিছে। যোৱা বছৰৰ একে সময়ৰ তুলনাত চলিত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত পেট্ৰ’লজাত সামগ্ৰীৰ ওপৰত কৰ সংগ্ৰহ ৩৩ শতাংশ বৃদ্ধি পাইছে। প্ৰাক্-ক’ভিড তথ্যৰ তুলনাত, পেট্ৰলজাত সামগ্ৰীৰ ওপৰত শুল্ক সংগ্ৰহ ৭৯ শতাংশ বৃদ্ধি হৈছে। 

বিত্ত মন্ত্ৰালয়ৰ কণ্ট্ৰোলাৰ জেনেৰেল অফ একাউণ্টছ (চিজিএ)ৰ তথ্য অনুসৰি, বিগত বিত্তীয় বৰ্ষৰ একে সময়ৰ তুলনাত চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৬ মাহত পেট্ৰলজাত সামগ্ৰীৰ ওপৰত চৰকাৰৰ শুল্ক সংগ্ৰহ ৩৩ শতাংশ বৃদ্ধি হৈ ১.৭১ লাখ কোটি টকা হৈছে। যোৱা বছৰ একে সময়তে ই ১.২৮ লাখ কোটি টকা আছিল। 
পিটিআইৰ মতে, ই এপ্ৰিল-ছেপ্টেম্বৰ ২০১৯ ৰ ৯৫ ,৯৩০ কোটি টকাৰ সংখ্যাতকৈ ৭৯ শতাংশ অধিক। ২০২০-২১ বৰ্ষত পেট্ৰ’লিয়াম সামগ্ৰীৰ পৰা চৰকাৰৰ আবকাৰী সংগ্ৰহ আছিল ৩.৮৯ লাখ কোটি টকা। ২০১৯-২০ বৰ্ষত ই আছিল ২.৩৯ লাখ কোটি টকা।

Leave A Reply

Your email address will not be published.