ধনতেৰাছ উৎসৱটোৱে বিশেষকৈ দেৱালী আৰম্ভ হোৱাটো বুজায় আৰু সাধাৰণতে দেৱালীৰ এক বা দুদিন আগতে উদযাপন কৰা হয়। ধনতেৰাছ শব্দটো হৈছে ‘ধন’ আৰু ‘তেৰাছ’ শব্দ দুটাৰ সংমিশ্ৰণ, ‘ধন’ৰ অৰ্থ হৈছে সম্পদ বা ধন আৰু ‘তেৰাছ’ৰ অৰ্থ হৈছে তেৰ। উত্তৰ ভাৰতৰ হিন্দীভাষী হিন্দু ধৰ্মী সকলৰ মাজত এইটো গভীৰ বিশ্বাস যে, ধনতেৰাছৰ আজিৰ দিনটোত বৃহৎ মূল্যত যিকোনো বস্তু ক্ৰয় কৰা বা গহনা আৰু বাচন-বৰ্তন ক্ৰয় কৰিলে পৰিয়ালৰ বাবে সম্পদ, সৌভাগ্য আৰু সমৃদ্ধি আনিব। আজিকালি অসমতো কিছু সংখ্যক আনলোকেও এই উৎসৱ পালন কৰে ৷ মানুহে প্ৰায়ে দেৱালীৰ সময়ত উপাসনা কৰিবলৈ মূৰ্তি ক্ৰয় কৰে। ৰীতি-নীতি অনুসৰণ কৰিবলৈ আনকি সৰু প্লেট, চামুচ, বা ঘৰত যোগ দিব পৰা যিকোনো বস্তু ক্ৰয় কৰিব পাৰি আৰু উপাসনা কৰিব পাৰি।
• সন্ধিয়া ০৫ :০৫ বজাৰ পৰা ০৫ :২৯ বজালৈ- গোধূলি মুহূৰ্ত
• সন্ধিয়া ০৫ :৩৫ বজাৰ পৰা ০৮ :১৪ বজালৈ- প্ৰদোষ কাল
• ৰাতিপুৱা ১১:৪২ বজাৰ পৰা সন্ধিয়া ১২:২৬ বজালৈ – অভিজিত মুহূৰ্ত
• সন্ধিয়া ০৬ :১৮ বজাৰ পৰা ০৮ :১১ বজালৈ- ধনতেৰাছ মুহূৰ্ত
• ৰাতিপুৱা ১১ :৩১ বজাৰ পৰা 3 নৱেম্বৰৰ ৰাতিপুৱা ০৯ :০৩ বজালৈ- ত্ৰয়োদশী তিথি- ত্ৰয়োদশী তিথি