ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ-নিৰ্বাচনৰত ৫টা সমষ্টিতেই বেয়াকৈ মুখ থেকেচা খালে কংগ্ৰেছ দলে ৷ ফলাফল ঘোষণাৰ পিছত বিয়লি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাবে ভূপেন কুমাৰ বৰাই অসমৰ ৰাইজৰ ৰায় স্বীকাৰ কৰি লৈছো বুলি মন্তব্য কৰে ৷ ৰাজীৱ ভৱনত বিযলি এখন মংবাদ মেলত বৰাই কয় যে বিশেষকৈ উপ-নিৰ্বাচন সমূহৰ ফলাফল শাসনাধিষ্ঠিত দলটোৰ সপক্ষেই যোৱাটো একপ্ৰকাৰ অৱধাৰিত ৷ কংগ্ৰেছ দলে কয় যে ৰাজ্যৰ শাসনত বৰ্তমান বি জে পি নেতৃত্বাধীন চৰকাৰ আছে আৰু আগন্তুক চাৰে চাৰি বছৰলৈ এইখন চৰকাৰেই শাসন কৰিব ৷ সেয়ে ৰাইজে বিজেপিৰ পক্ষত এই উপ-নিৰ্বাচনত ভোটদান কৰিছে । সদ্য সমাপ্ত ৫ টা সমষ্টিৰ উপ-নিৰ্বাচনৰ জয় বা পৰাজয়ে চৰকাৰখনৰ কোনো লাভ বা লোকচান নকৰে ৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আৰু কয় যে পেট্ৰল, ডিজেল, ৰন্ধন গেছ, শাক-পাছলি, দাইল, মিঠাতেলকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অভিলেখ হাৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদৰ প্ৰতীক হিচাপে কংগ্ৰেছ দলে এই নিৰ্বাচনটোক গ্ৰহণ কৰিছিল যাতে ৰাইজে ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ চৰকাৰখনক এইবোৰ অত্যাৱশ্যকীয় স-সামগ্ৰীৰ মূল্যমান নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য কৰাব পাৰে ৷ ৰাজকোষৰ ধনৰ অবাধ অপব্যৱহাৰৰ বিৰুদ্ধে এই নিৰ্বাচনত ৰাইজে চৰকাৰখনৰ বিৰুদ্ধে মত সাব্যস্ত কৰিব বুলি কংগ্ৰেছ দলে আশা কৰিছিলে ৷