কোহলীক ভাবুকি দিছিল ভাৰতীয়ইহে, পাকিস্তানী নহয়।
পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ৰ পিছত একাংশ লোকে মহম্মদ ছামীক কঠোৰ সমালোচনা কৰিছিল। বিৰাট কোহলীয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে ছামীৰ কাষত থিয় হৈ সমালোচকসকলক উচিত উত্তৰ দিছিল। যাৰ বাবে তেওঁৰ দহ মহীয়া জীয়েকক সেয়া কোহলীৰ “অপৰাধ” বুলি কৈ ধৰ্ষণৰ ভাবুকি দিছিল। বহুতে ধাৰণা কৰিছিল এয়া পাকিস্তানৰ কোনো ব্যক্তিৰ কাম।
অৱশ্যে, সোমবাৰে, এইটো স্পষ্ট হৈ পৰে যে এজন ভাৰতীয় টুইটাৰ ব্যৱহাৰকাৰীহে এই নিন্দনীয় কাৰ্যৰ আঁৰত আছে।
যোৱা শনিবাৰে এক সংবাদমেলত কোহলীয়ে শ্বামীৰ সমালোচকসকলক কঠোৰ ভাষাত আক্ৰমণ কৰিছিল। তেওঁ কৈছিল ধৰ্মৰ বিষয়ে এনেধৰণে কাৰোবাক আক্ৰমণ কৰাটো মানি লোৱা নহ’ব ।
ইয়াৰ পিছত ৩০ অক্টোবৰৰ নিশা ১১.৫৫ বজাত আমেনা নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে কোলহীৰ জীয়েক ভমিকাক ধৰ্ষণ কৰাৰ ভাবুকি দি এটা টুইট কৰিছিল। দেশবাসীৰ লগতে কোহলীৰ সমৰ্থকসকলে লগে লগে টুইটটোৰ তীব্ৰ বিৰোধিতা অব্যাহত ৰাখিছিল।
বহুতে কৈছিল যে এই টুইটটো পাকিস্তানৰ এজন ব্যক্তিয়ে কৰিছিল। কাৰণ সেই একাউণ্টটোত এগৰাকী মহিলা ক্ৰিকেটাৰৰ পাকিস্তানী জাৰ্চী পিন্ধাৰ ছবি আছে।