মৰিয়নীতো বি জে পিৰ জয় ৷ অভিলেখ ৰচি ৪০১০৪ ভোটত জিকিল ৰূপজ্যোতি কুৰ্মী ৷
বহু চৰ্চিত সমষ্টি ১০১ নম্বৰ মৰিয়নীত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ জয় ৷ ছমাহৰ পূৰ্বে কংগ্ৰেছ দলৰ পৰা অসম বিধানসভালৈ জয়ী হোৱা ৰূপজ্যোতি কুৰ্মীয়ে মঙলবাৰে বিজেপিৰ প্ৰাৰ্থী হিচাপে উপ-নিৰ্বাচনত বৃহৎ জয়লাভ কৰিছে । মৰিয়নীত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ লোহিত কোঁৱৰৰ বিৰুদ্ধে ৪০১০৪ টা ভোটত জয়ী হয়। ৰূপজ্যোতিয়ে লাভ কৰে ৫৫৪৮৯ টা ভোট ৷ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী লোহিত কোঁৱৰে লাভ কৰে ১৫৩৮৫ টা ভোট ৷ এইবাৰকে ধৰি মুঠ ৪বাৰ বিধান সভালৈ নিৰ্বাচিত হ’ল ৰূপজ্যোতি কুৰ্মী ৷