ক’ভিডৰ বাবে বন্ধ নহয় শিক্ষানুষ্ঠান ৷ মুখ্যমন্ত্ৰীৰ নামত ভুৱা প্ৰচাৰ ৷ তদন্তৰ নিৰ্দেশ ৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা টুইটটেৰে অপচেষ্টা চলাইছে দুষ্ট চক্ৰই ৷ টুইটাৰ স্কীণশ্বটেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত কোনো দুষ্ট চক্ৰই ভুৱা প্ৰচাৰ চলোৱাটো দৃষ্টি গোচৰ হোৱাৰ পিছত আৰক্ষীক ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে ৷ সামাজিক মাধ্যম
টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত কোনো দুষ্ট চক্ৰই আৰম্ভ কৰিছে ভুৱা প্ৰচাৰ। ভুৱা টুইটাৰ পোষ্টটোৰ যোগেদি প্ৰচাৰ চলোৱা হৈছে যে কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে ২০ নৱেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব । নিজৰ টুইটাৰত এয়া এক ভুৱা প্ৰচাৰ বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৷ স্বয়ং মুখ্যমন্ত্ৰীক লৈ ভুৱা টুইটাৰ স্ক্ৰীণ শ্বট যোগে অপপ্ৰচাৰ চলোৱা অপৰাধী চক্ৰ শীঘ্ৰেই আৰক্ষীৰ জালত পৰিব বুলি আশা কৰা হৈছে ৷

Comments (0)
Add Comment