অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰ সেৱাৰ দ্বাৰা গুৱাহাটীৰ সৈতে ধলপুৰৰ (গৰুখুটি) প্ৰাক ঐতিহাসিক শিৱ মন্দিৰলৈ বিমান সংযোগ গঢ়ি তোলাৰ যি আশ্বাস দিছিল সেয়া বাস্তৱ হোৱাৰ পথত।
‘প্ৰকল্প গৰুখুটি’ৰ অধ্যক্ষ – পদ্ম হাজৰিকা তথা চতিয়াৰ বিধায়কগৰাকীয়ে মঙলবাৰে শুভ অনুষ্ঠানত ‘গৰুখুটি’ৰ শিৱ মন্দিৰৰ ওচৰত ৪৫ লাখ টকা ব্যয়ত নিৰ্মাণ হ’ব লগা প্ৰস্তাৱিত হেলিপেডৰ ভেঁটি স্থাপন কৰে। ইফালে গৰুখুটিৰ কৃষি প্ৰকল্পৰ কাম দ্ৰুতগতিত চলি আছে বুলি মন্তব্য পদ্ম হাজৰিকাক ৷