গুৱাহাটীত বৃহৎ দেহ ব্যৱসায়ী চক্ৰ আৰক্ষীৰ জালত
মহানগৰীত বহুলভাৱে প্ৰচলিত যৌন ৰেকেটৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ সাফল্য মহানগৰ আৰক্ষীৰ ৷ হাতীগাঁও আৰক্ষীয়ে চহৰখনত যৌন ৰেকেট চলাই থকাৰ অভিযোগত প্ৰায় ১৩ জন লোকক মঙলবাৰে গ্ৰেপ্তাৰ কৰিছে।
গ্ৰেপ্তাৰ কৰা ১৩ জন লোকৰ ভিতৰত, ৯ গৰাকী মহিলা ।
আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্ত যৌন ৰেকেটটো হাতীগাঁৱৰ সিজুবাৰী অঞ্চলৰ এজন অধিবক্তাৰ বাসগৃহৰ পৰা চলি আছে।
অঞ্চলটোৰ স্থানীয় লোকসকলৰ আৰক্ষীক কৰা অভিযোগৰ ভিত্তিত, হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই চহৰখনত পতিতাবৃত্তিৰ এটা মুখ্য কেন্দ্ৰ উৎখাত কৰে। জানিব পৰা মতে আৰক্ষীয়ে পৰৱৰ্তী অনুসন্ধান চলাই আছে। হাতীগাঁও অঞ্চলত আৰু কেইবাটাও এনে দেহ ব্যৱসায়ী চক্ৰ চলি আছে আছে বুলি অভিযোগ উত্থাপিত হৈছে।