অভিনেতা ৰজনীকান্ত সদায় ব্যতিক্ৰম ৷নিজৰ কামৰ যোগেদি প্ৰায়ে মহানতাৰ পৰিচয় দি আহিছে এইগৰাকী জনপ্ৰিয় অভিনেতাই ৷
শেহতীয়াকৈ জীৱনজোৰা অৱদানৰ বাবে ৰজনীকান্তে লাভ কৰিছে ভাৰতীয় চিনেমা জগতৰ সৰ্বোচ্ছ সন্মান দাদা চাহেব ফালকে বঁটা ৷ আপুনি আচৰিত হ’ব যে ৰজনীকান্তে এই বঁটা উচৰ্গা কৰিছে ৰাজাবাবু নামৰ এজন বাছ চালকৰ প্ৰতি ৷ এই ৰাজাবাবুৰ অনুপ্ৰেৰণাৰ বাবেই অভিনয় জগতলৈ আহিছিল ৰজনীকান্ত ৷ ৰজনীকান্তে এজন বাছ কণ্ডাক্টৰ হিচাবে অভিনয় জগতলৈ অহাৰ আগতে জীৱিকা অৰ্জন কৰিছিল ৷ তেঁও অভিনয় প্ৰতিভাৰ উমান পাই ড্ৰাইভাৰ ৰাজাবাবুৱে ৰজনীকান্তক উৎসাহিত কৰিছিল ৷ সেয়ে ৰজনীকান্তে সফলতাৰ শিখৰত আৰোহণ কৰাৰ পিছতো কোনোদিন পাহৰি যোৱা নাছিল বাছ ড্ৰাইভাৰ ৰাজা বাবুক ৷ দাদা চাহেব ফালকে বঁটা লাভৰ পিছতো ৰাজাবাবুৰ প্ৰতি এই সন্মান উচৰ্গা কৰিলে ছুপাৰ ষ্টাৰ ৰজনীকান্তে ৷ ৰাজা বাবুৰ সৈতে উদযাপন কৰিলে দাদা চাহেব ফালকে বঁটা প্ৰাপ্তিৰ আনন্দ ৷ হয়তো সেই বাবেই ৰজনীকান্ত সদায় ৰজনীকান্ত ৷