“মা তুমি য’তে আছা সোনকালে ঘৰলৈ আহা”; ৬ বছৰীয়া কণমানি পুত্ৰৰ মাকক বিচাৰি আহ্বান

ধনশিৰি মহকুমাৰ উৰিয়ামঘাট অঞ্চলৰ ১নং লক্ষীপুৰৰ পৰা আজি ১৮দিনে সন্ধানহীন হৈ আছে মঞ্জু গয়াৰী নামৰ এগৰাকী মাতৃ। স্বামী মুনু গয়াৰীৰ ভাষ্য অনুসৰি যোৱা ১৭ অক্টোবৰ তাৰিখৰ পৰাই মহিলা গৰাকীৰ কোনো সন্ধান নাই। মুনু গয়াৰী কৰ্ম সূত্ৰে চেন্নাইত থাকে। তেওঁৰ পত্নী ঘৰৰ পৰা নোহোৱা দিনাও তেওঁ চেন্নাইতে আছিল। পৰিয়ালৰ লোকে খবৰ দিলত তেওঁ ততাতৈয়াকৈ ঘৰলৈ আহে আৰু সকলো ওচৰ চুবুৰীয়া, আত্মীয়ৰ ঘৰত খবৰ লয় যদিও একো সম্ভেদ নোপোৱাত উৰিয়ামঘাট আৰক্ষী চকীত এখনি এজাহাৰ দাখিল কৰে। মঞ্জু গয়াৰী নামৰ মহিলা গৰাকীক উৰিয়ামঘাট আৰক্ষীৰ লগতে পৰিয়ালবৰ্গই বিচাৰ=সুচাৰ কৰি আছে যদিও আজি ১৮ দিন পাৰ হোৱাৰ পিছতো একো সম্ভেদ পোৱা নাই। ইফালে মঞ্জু গয়াৰী আৰু মুনু গয়াৰীৰ ১১ বছৰীয়া আৰু ৬বছৰীয়া দুটি পুত্ৰ সন্তানে মাকক বিচাৰি দূখত ভাঙি পৰিছে। কণমানি নয়ন গয়াৰী বৰ্তমান মাকৰ শোকত ক্ৰমাৎ অসুস্থ হৈ পৰিছে আৰু মা তুমি কত আছা সোনকালে ঘৰলৈ আহা বুলি অনুৰোধ কৰিছে। ইফালে মুনু গয়াৰীৰ আইতাকেও নাতি বোৱাৰীক ঘৰলৈ আহিবলৈ কাতৰ অনুৰোধ জনালে। কোনো সদাশয় ব্যক্তিয়ে মঞ্জু গয়াৰীক কৰ’বাত প্ৰতক্ষ কৰিলে ৮৬৩৮৯১৪৮৬৪ / ৮৮১১৯০২০২৬ মোবাইল নম্বৰত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

ধনশিৰি মহকুমাৰ পৰা পংকজ পাত্ৰৰ ৰিপ’ৰ্ট।

Comments (0)
Add Comment