আমেৰিকাতো দিপাৱলী উদযাপন ৷ বাইডেন আৰু কমলা হেৰিছৰ শুভেচ্ছা ৷
পোহৰৰ উৎসৱ দিপাৱলীৰ উদযাপন এইবাৰ বিদেশতো দেখা গৈছে। কৰোনা ভাইৰাছে যোৱা বছৰ দেৱালীৰ উজ্জ্বলতা ম্লান কৰিছিল যদিও এইবছৰ দেৱালী উপলক্ষে জনসাধাৰণৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে । এইবাৰ বিদেশতো দেৱালীৰ প্ৰভাৱ দেখা গৈছে। প্ৰথম বাৰৰ বাবে ৱান ৱৰ্ল্ড ট্ৰেড চেণ্টাৰটো নিউয়ৰ্কত দেৱালী-থিমযুক্ত এনিমেশ্বনেৰে সজোৱা হৈছে । আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছেও দেশবাসীক দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
