Daily Time Axom

গৰুখুটিৰ উচ্ছেদিতৰ একাংশক পুনৰ সংস্থাপনৰ ব্যৱস্থা ৷ প্ৰায় ১৩৪ হেক্টৰ মাটি দিব চৰকাৰে ৷

0 11

অসম চৰকাৰে দৰং জিলাৰ গৰুখুটিৰ উচ্ছেদিত পৰিয়ালবোৰৰ একাংশক স্থানান্তৰ কৰাৰ বাবে প্ৰায় ১৩৪ হেক্টৰ মাটি ধাৰ্য কৰিছে। বিগত সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে গৰুখুটিৰ ধলপুৰৰ উচ্ছেদিত পৰিয়ালবোৰক ক্ষতিপূৰণ দিয়া নহ’ব কিয়নো তেওঁলোক “বেদখলকাৰী”। কিন্তু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দাখিল কৰা পিআইএলৰ আধাৰত জানিব পৰা গৈছে যে,
“১ নং আৰু ৩ নং ধলপুৰ গাঁৱৰ দক্ষিণ অংশত প্ৰায় ১,০০০ বিঘা (প্ৰায় ১৩৪ হেক্টৰ) ভূমিৰ এক এলেকা মূল স্থান আৰু জিলা, নাগৰিকত্ব চাই মানুহখিনিক ৰাজ্যখনত পুনৰ্সংস্থাপন নীতিৰ জৰিয়তে স্থানান্তৰ কৰাৰ বাবে মাটি চৰকাৰে আৱণ্টন কৰিব।“

Leave A Reply

Your email address will not be published.