পুৰোহিত, নামঘৰীয়ালৈ ১৫০০০ টকাৰ বিত্তীয় অনুদান ৷ চাহ জনগোষ্ঠীৰ বাবে মেডিকেলত আসন বৃদ্ধি ৷ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ গুৰুত্বপূৰ্ণ সিধান্ত
বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ বৈঠকত নামঘৰ (বৈষ্ণৱী উপাসনাস্থলী)ৰ মন্দিৰ পুৰোহিত আৰু নামঘৰীয়াসকলক ১৫০০০ টকাৰ বিত্তীয় অনুদান প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ।
সেই অনুসৰি, অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কেবিনেটত সিদ্ধান্ত ঘোষণা কৰি কয় যে, পঞ্জীয়নৰ বাবে এটা অনলাইন পৰ্টেল খোলা হ’ব, যাৰ বিৱৰণ বিজ্ঞাপন যোগেদি দিয়া হ’ব।
আনহাতে, কৰ্মচাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰা, ঔদ্যোগিক সমৃদ্ধিৰ পথ প্ৰশস্ত কৰা আৰু ঔদ্যোগিক শান্তি আৰু সম্প্ৰীতি নিশ্চিত কৰাৰ বাবে কেবিনেটে অসম ঔদ্যোগিক সম্পৰ্ক নিয়ম, ২০২১ গৃহীত কৰিছে বুলি জানিব পৰা গৈছে ।
চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষিত এমবিবিএছ আসনৰ সংখ্যা ২৪ খনলৈ বৃদ্ধি কৰাৰ লগতে বি ডি এছ আসনৰ সংখ্যা তিনিখনলৈ বৃদ্ধি কৰা হৈছে।